বৰুৱাৰ সংসাৰ

Baruar Sansar
Directed by Nip Barua

বৰুৱাৰ সংসাৰ ১৯৭০ চনৰ ২ অক্টোবৰত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত অসমীয়া ছবি। আকাশবাণী গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত একেটা নামৰ জনপ্ৰিয় অনাতাঁৰ ধাৰাবাহিকৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Baruar Sansar online right now. If you've seen it on a streaming service or an official channel, tell us.

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Nip Barua
Music director
Ramen Baruah

নিৰ্মাণ Production

ৰাজজ্যোতি চিনে আৰ্টৰ বেনাৰত মনোৰঞ্জন আগৰৱালা, দেৱৰঞ্জন আগৰৱালা আৰু নিভা বৰুৱাই ছবিখন প্ৰযোজনা কৰিছিল। নাট্যকাৰ প্ৰফুল্ল বৰাই ৰচনা কৰা জনপ্ৰিয় অনাতাঁৰ ধাৰাবাহিক 'বৰুৱাৰ সংসাৰ'ৰ কাহিনীৰ আধাৰত নিপ বৰুৱাই চিত্ৰনাট্য ৰচনা কৰিছিল। ছবিখনৰ বেছিভাগ দৃশ্য জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান তামোলবাৰী চাহবাগিছাত গ্ৰহণ কৰা হৈছিল।

অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছিল তচদ্দুক ইউচুফ, ব্ৰজেন বৰুৱা, নিপন গোস্বামী, বিজু ফুকন, অনিমা ভট্ট, বীণা বাৰুৱতী, নিৰেন বৰুৱা, প্ৰতিভা ঠাকুৰ, ৰাণী পাঠক, বিৰিঞ্চি ভট্টাচাৰ্য, গোলাপ শৰ্মা আৰু ডাঃ চন্দন পাঠক। সংগীত পৰিচালনা ৰমেন বৰুৱাৰ আৰু গীত গাইছিল দ্বিপেন বৰুৱা, নিৰ্মলা মিশ্ৰ আৰু ৰুণুমী ভট্টাচাৰ্যই।

Filming locations

  • Tamulbari tea garden - where most of the film was shot, the birthplace of Jyotiprasad Agarwala

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Nip Barua

Also from 1970