প্ৰভাতী পখীৰ গান

Prabhati Pokhir Gaan
Directed by Munin Barua

প্ৰভাতী পখীৰ গান ১৯৯২ চনৰ এখন অসমীয়া ছবি, যাৰ পৰিচালক মুনিন বৰুৱা আৰু কাহিনী অমূল্য কাকতিৰ। নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ মাজত যুৱপ্ৰজন্মৰ হতাশা আৰু আশাৰ এখন নিৰ্মোহ ছবি ইয়াত আঁকা হৈছে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Prabhati Pokhir Gaan online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

সেউজপুৰ মিলন সংঘ এসময়ত কলা-সংস্কৃতিৰ চৰ্চাৰ কেন্দ্ৰ আছিল, কিন্তু এতিয়া সংঘৰ ঘৰটো উৱলি গৈছে। তথাপি ডেকা ল'ৰাজাকে তাতে আড্ডা মাৰে। কোনোবাই কেৰম খেলে, কেইজনমানে গীটাৰ বজাই সংগীতৰ চৰ্চা কৰে, আৰু চাকৰিৰ দৰখাস্ত দি দি ভাগৰি পৰা কোনোবাই তাতে অলপ জিৰণি লয়।

ছবি পৰিচালক হোৱাৰ সপোন দেখা এজনে পেটৰ তাড়নাত ধনী ঠিকাদাৰৰ সহকাৰী হিচাপে কাম কৰে আৰু সংঘলৈ আহি মনৰ দুখ উজাৰি দিয়ে। কেতিয়াবা তেওঁলোক নিৰাশ হয়, কিন্তু তাৰ মাজতো পোহৰৰ সপোন দেখে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Munin Barua

নিৰ্মাণ Production

ছবিখন ৰাজকুমাৰ পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত আৰু প্ৰযোজক বিজয় নাৰায়ণ তিৱাৰী আৰু অমৰ নাথ তিৱাৰী। কাহিনী অমূল্য কাকতিৰ আৰু সংগীত পৰিচালনা জে পি দাসৰ।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Munin Barua

Also from 1992