মী এণ্ড মাই ছিষ্টাৰ

Me and My Sister

মী এণ্ড মাই ছিষ্টাৰ ২০১২ চনৰ ২ নৱেম্বৰত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। এন বি ডি কে প্ৰডাক্‌চনৰ বেনাৰত নিপন ঢলুৱাই প্ৰযোজনা কৰা ছবিখন পৰিচালনা কৰিছে ৰাজেশ ভূঞাই। বৰ্তমান সমাজত নাৰীৰ স্থান আৰু কন্যা ভ্ৰূণ হত্যা ইয়াৰ বিষয়বস্তু।

ক'ত চাব Where to watch

We don't know of a legal way to watch Me and My Sister online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

ছবিখনত দেখুওৱা হৈছে যে নাৰী শোষণ আৰু কন্যা ভ্ৰূণ হত্যাৰ দৰে ঘটনা কেৱল অশিক্ষিত দুখীয়া পৰিয়ালতে নহয়, উচ্চশিক্ষিত আৰু উচ্চবিত্ত পৰিয়ালতো ঘটে।

ছবিখন দুগৰাকী মহিলাৰ পৰিয়ালক কেন্দ্ৰ কৰি আগবাঢ়ে। তেওঁলোক দুগৰাকী বান্ধৱী আৰু ইজনীয়ে সিজনীৰ ন্যায়ৰ বাবে যুঁজ দিয়ে। এগৰাকী উচ্চশিক্ষিত, কিন্তু ঘৰত নিষ্ঠুৰ স্বামীৰ ওচৰত অনাদৃত। শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ তেওঁ এজনী অন্ধ ছোৱালী জন্ম দিয়ে।

নিৰ্মাণ Production

প্ৰযোজনা, কাহিনী আৰু পৰিকল্পনা নিপন ঢলুৱাৰ, কাৰ্যবাহী প্ৰযোজনা বৰ্ণালী ঢলুৱাৰ। পৰিচালনা ৰাজেশ ভূঞাৰ; মুখ্য সহকাৰী পৰিচালক মোহন দাস আৰু সহকাৰী পৰিচালক মনোজ শইকীয়া আৰু ৰাজীৱ দত্ত। চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ, চিত্ৰনাট্য আৰু সংলাপ পংকজজ্যোতি ভূঞাৰ, সম্পাদনা গৌৰৱ বণিয়াৰ।

সংগীত অৰূপজ্যোতি পাটগিৰিৰ, গীতৰ কথা দিগন্ত ভাৰতীৰ আৰু গীতৰ কণ্ঠ জুবিন গাৰ্গৰ। পাৰ্শ্ব সংগীত বিতোপন ফুকনৰ, মেক্‌ আপ অকু বোথ্ৰাৰ আৰু এনিমেচন ঋতুৰাজ দত্তৰ।

অভিনয়ত আছে প্ৰস্তুতি পৰাশৰ, বৰষাৰাণী বিষয়া, জ্ঞানেন্দ্ৰ পল্লৱ আৰু সৌৰভ হাজৰিকা, লগতে শিশুশিল্পী দিশ্বান ঢলুৱা আৰু বিৰিণা।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2012