ক'ত চাব Where to watch
We don't know of a legal way to watch Maak Aru Moram online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
নিস্থাৱান আৰু মৰমীয়াল স্বামী ৰমেশে ভ্ৰমণৰ সময়ত পত্নী বুলুক হঠাতে হেৰুৱায়। অফিচৰ কামত কলিকতালৈ যাব লগা হোৱাত বুলুৱে কেতিয়াও কলিকতা দেখা নাই বুলি লগে লগে যাবলৈ ইচ্ছা প্ৰকাশ কৰে। সন্তান জিতু আৰু জিনাক আইতাক আৰু লিগিৰা ধপচৰ তত্বাৱধানত থৈ দুয়ো যাত্ৰা কৰে। কলিকতাত আনন্দ কৰি তেওঁলোকে দাৰ্জিলিং পায়, আৰু তাতে বুলুৰ হঠাৎ মৃত্যু হয়। ভগ্ন হৃদয়েৰে ঘৰলৈ উভতি ৰমেশে সন্তানক ক’লে যে মাক বেমাৰ হৈ হাস্পাতালত আছে, আৰু নিজে পুনৰ্বিবাহ নকৰাকৈ সন্তানক ডাঙৰ-দীঘল কৰাৰ সিদ্ধান্ত ল’লে।
পিছত ৰমেশৰ কলিকতালৈ বদলি হয়। এদিন সন্তান দুটা ঘৰৰ বাহিৰলৈ ওলাই কলিকতাৰ জাক-জমকতাত দিশহাৰা হয়। জিতুৱে দুৰ্ঘটনাত পৰে আৰু তাক হাস্পাতাললৈ নিয়া হয়, আনহাতে জিনাক গুণ্ডাই অপহৰণ কৰে। পৰিয়ালৰ বিশ্বস্ত এলচেচিয়ান কুকুৰৰ সহায়ত দেউতাকে জিনাক বিচাৰি উলিয়ায়, আৰু জিতুও সুস্থ হৈ ঘৰলৈ আহে।
তেতিয়া ৰমেশে বুজি পায় যে সন্তানৰ সু-যতনৰ বাবে মাকৰ অতি প্ৰয়োজন, যিটো অকল দেউতাকৰ দ্বাৰা সম্ভৱ নহয়। সেয়ে তেওঁ অৱশেষত পুনৰ্বিবাহ কৰিবলৈ সিদ্ধান্ত লয়।
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Nip Barua
- Music director
- Brajen Baruah
নিৰ্মাণ Production
নিপ বৰুৱাই ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখি পৰিচালনা কৰে। ১৯৫৭ চনৰ ১০ মে’ত মুক্তি পোৱা এইখন তেওঁৰ পৰিচালিত দ্বিতীয়খন ছবি। বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত ব্ৰজেন বৰুৱাই ছবিখন প্ৰযোজনা কৰে আৰু সংগীতো তেওঁৰ।
ছবিখনত ৬টা গীত আছিল, ইয়াৰে ৩টা হিন্দীত। অসমীয়া গীতবোৰ কবি আৰু গীতিকাৰ কেশৱ মহন্ত আৰু হীৰেণ ভট্টাচাৰ্যই লিখিছিল, আনহাতে হিন্দী গীতবোৰ লিখিছিল নুৰুল হকে। নিপ বৰুৱাৰ প্ৰথম ছবি স্মৃতিৰ পৰশতো হিন্দী গীত আছিল, আৰু হিন্দী গীত অন্তৰ্ভুক্ত কৰাটো এক ব্যৱসায়িক কৌশল আছিল।
সমালোচনা Reception
৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৫৭)ত ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত চাৰ্টিফিকেট অৱ মেৰিট লাভ কৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পোৱা এইখন দ্বিতীয়খন অসমীয়া ছবি।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.