জাংফাই জোনাক

Jangfai Jonak
Directed by Sanjib Sabhapandit

জাংফাই জোনাক (From the shadow of silence) ২০১২ চনৰ ১৩ জানুৱাৰীত মুক্তি পোৱা অসমীয়া ছবি, সঞ্জীৱ সভাপণ্ডিতৰ পৰিচালনা আৰু উৎপল কুমাৰ দাসৰ প্ৰযোজনা। গোৱাত অনুষ্ঠিত ৪২তম ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হোৱা একমাত্ৰ অসমীয়া ছবি এইখন।

ক'ত চাব Where to watch

We don't know of a legal way to watch Jangfai Jonak online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

অসমীয়া সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু তাৰ কুপ্ৰভাৱ ছবিখনে দুটা সমসাময়িক কাহিনীৰ জৰিয়তে দেখুৱাইছে। এটাত এজন সৰল কিশোৰে ইচ্ছাৰ বিৰুদ্ধে সমাজৰ পৰা বাবা বুলি স্বীকৃতি পায়। আনটোত এগৰাকী নিৰ্দোষী কিশোৰীক স্বাৰ্থলোভী জ্যোতিষী আৰু এজন অসাধু লোকে ৰাইজৰ অন্ধবিশ্বাসৰ সুযোগ লৈ ডাইনী আখ্যা দি নৃশংসভাৱে হত্যা কৰে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Sanjib Sabhapandit

নিৰ্মাণ Production

সঞ্জীৱ সভাপণ্ডিতে পৰিচালনা আৰু চিত্ৰনাট্য কৰে। হাই ডেফিনিছন ছ’নী ভিডিঅ’ কেমেৰাৰে চিত্ৰগ্ৰহণ কৰা এইখনেই প্ৰথম অসমীয়া চলচ্চিত্ৰ বুলি কোৱা হয়।

চিত্ৰগ্ৰহণ পৰাশৰ বৰুৱাৰ, সংগীত অনিৰুদ্ধ বৰুৱাৰ। সম্পাদনা ৰাতুল ডেকা আৰু সৌৰভ দত্তৰ, কলা নিৰ্দেশনা অনুপ হাজৰিকাৰ আৰু ডি আই কালাৰিষ্ট ৰজত শেঠ। মেক আপ পৰাণ শৰ্মাৰ, প্ৰযোজনা ব্যৱস্থাপনা দিগন্ত কলিতা আৰু পংকজ কলিতাৰ, ছাউণ্ড ৰেকৰ্ডিং দেবজিত গায়নৰ, ভইচ ৰেকৰ্ডিং ফিল্মক্ৰাফ্টৰ যতীন শৰ্মাৰ, আৰু ফাইনেল মিক্স মুম্বাইৰ ৰাজকমল কলামন্দিৰত দেবজিত চাংমাইৰ।

সমালোচনা Reception

চলচ্চিত্ৰ সমালোচকে ছবিখনৰ ভূয়সী প্ৰশংসা কৰে আৰু বহুতো মহোৎসৱত ইয়াক প্ৰদৰ্শন কৰা হয়। ২০১১ চনত গোৱাৰ ৪২তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামালৈ ইয়াক নিৰ্বাচন কৰা হয়, তৃতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ আৰু হেবিটেট চলচ্চিত্ৰ মহোৎসৱতো ইয়াক দেখুওৱা হয়, আৰু ৫৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ শিতানত ইয়াক মনোনীত কৰা হয়।

জানেনে? Trivia

  • It is described as the first Assamese film shot on an HD camera.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Sanjib Sabhapandit

Also from 2012