সেন্দুৰ

Sendur
Directed by Pulak Gogoi

সেন্দূৰ (১৯৮৪) প্ৰাগ ফিল্মচৰ বেনাৰত নিৰ্মিত আৰু পুলক গগৈ পৰিচালিত এখন ৰঙীন অসমীয়া ড্ৰামা ছবি। মূল ভূমিকাত আছে তপন দাস, ব্ৰজেন বৰা আৰু বিদ্যা ৰাও। ছবিখন ব্যৱসায়িকভাৱে অতি সফল হৈছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Sendur online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

অশেষ কষ্টেৰে নিজহাতে হাইস্কুল এখন প্ৰতিষ্ঠা কৰা হেডমাষ্টৰ বৰুৱা। ককায়েকৰ সপোন সফল কৰিবলৈ তেওঁৰ মেধাৱী ভায়েক ৰাজীৱে আন চাকৰি নিবিচাৰি সেই স্কুলতে শিক্ষকতা কৰে। স্কুলৰ মাটি দান দিছিল জগত ঠিকাদাৰৰ ককায়েকে, কিন্তু জগতে সেই মাটিত ধানকল আৰু সৰিয়হ পেৰা কল পাতিব বিচাৰে। তেওঁ চৰ্ত দিয়ে যে ৰাজীৱে তেওঁৰ জীয়েক ঊষাক বিয়া কৰালেহে মাটি স্কুলৰ হাতত থাকিব। হেডমাষ্টৰে সেই চৰ্তত সন্মত নহয়।

ৰাজীৱে ভাল পায় মালাক, যাৰ মাকে হেডমাষ্টৰৰ ঘৰত কাম কৰি জীৱিকা নিৰ্বাহ কৰে। হেডমাষ্টৰৰ পত্নীয়ে প্ৰথমে বিয়াত আপত্তি কৰা নাছিল যদিও এগৰাকী কুচক্ৰী বুঢ়ীৰ কুমন্ত্ৰণাত তেওঁৰ মন সলনি হয়। বৌয়েকৰ অসন্মতি সত্ত্বেও ৰাজীৱে মালাক বিয়া কৰাই আনে আৰু তেওঁলোকৰ এটা পুত্ৰ সন্তান হয়।

স্কুলৰ আলমাৰীত দানপত্ৰখন থকা কথা জগতে জানিব পাৰে। সেই চুক্তিপত্ৰ নষ্ট কৰিবলৈ ঠিকাদাৰৰ মানুহে এদিন ৰাতি স্কুলঘৰ জ্বলাই দিয়ে, যাতে স্কুল কমিটিয়ে আদালতৰ আশ্ৰয় ল'ব নোৱাৰে। জ্বলি থকা ঘৰৰ পৰা দানপত্ৰ উদ্ধাৰ কৰিবলৈ গৈ ৰাজীৱৰ মৃত্যু হয়, আৰু অকালতে বিধৱা হোৱা মালাৰ জীৱন দুখ-যন্ত্ৰণাৰে ভৰি পৰে।

পিছত জগতৰ চৰকাৰী ঠিকাৰ কাম পৰিদৰ্শন কৰিবলৈ ৰাজীৱৰ বন্ধু ইঞ্জিনিয়াৰ সত্যজিৎ আহি হেডমাষ্টৰৰ ঘৰতে থাকে। ঠিকাদাৰৰ কামত অসন্তুষ্ট হোৱা সত্যজিৎক বহু উপায়েৰে প্ৰলোভিত কৰিও সন্মত কৰিব নোৱাৰি জগতৰ পুতেক গৌতমে মালাৰ সৈতে অবৈধ সম্পৰ্ক থকা বুলি ৰাইজ গোটাই তেওঁক আক্ৰমণ কৰে। কপাল ফাটি তেজ ববলৈ ধৰে। মিছা অপবাদৰ পৰা মালাক ৰক্ষা কৰিবলৈ সত্যজিতে তাইৰ শিৰত তেজৰ সেন্দূৰ লগাবলৈ আগবাঢ়ি আহে, কিন্তু মালাই বাধা দিয়ে। তাই স্কুলখন পুনৰ নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰে, কাৰণ সেই স্কুলৰ মাজতে স্বামী ৰাজীৱ চিৰদিন জীয়াই থাকিব।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Pulak Gogoi

নিৰ্মাণ Production

ছবিখন প্ৰাগ ফিল্মচৰ বেনাৰত নিৰ্মিত আৰু পুলক গগৈয়ে পৰিচালনা কৰিছিল। কাহিনী ৰেণু গগৈৰ, চিত্ৰনাট্য আৰু সংলাপ হেমন্ত দত্তৰ। সহকাৰী পৰিচালক আছিল সঞ্জীৱ হাজৰিকা আৰু বিদ্যুৎ চক্ৰৱৰ্তী। ৰূপসজ্জা যোগেন দাসৰ, কলা নিৰ্দেশনা ফটিক বৰুৱা আৰু যোগেন শীলৰ, নৃত্য গৰিমা হাজৰিকাৰ আৰু শব্দগ্ৰহণ যতীন শৰ্মাৰ। সঙ্গীত পৰিচালনা কৰিছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ আগশাৰীৰ সঙ্গীত পৰিচালক দশৰথ দাসে, আৰু আবহ সঙ্গীত ৰচনা কৰিছিল নয়নে।

সমালোচনা Reception

মুক্তিৰ সময়ত ছবিখন ব্যৱসায়িকভাৱে অতি সফল হৈছিল।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Pulak Gogoi

Also from 1984