Biography জীৱনী
Bidya Rao is an actress of Assamese and Bengali cinema, though most of her work is in Assamese. Born in Dibrugarh to an Assamese mother and a Maharashtrian father, she grew up in Calcutta. At the age of six she appeared as a child in Bhupen Hazarika's Shakuntala (1961), and she later acted in Hazarika's Pratidhwani (1965) and Lotighoti (1966), playing the central female role in the latter.
Her breakthrough came with Aranya (1971), directed by Samarendra Narayan Dev, in which she played the lead opposite Biju Phukan. The film won the National Award for Best Regional Film and was a commercial success, and its song "Xile Xile Theka Khale" became popular. After it she received offers for many more Assamese films, and through the 1970s and 1980s she starred in a number of popular hits, including Ghar Sansar and Mon Mandir (directed by Shiva Prasad Thakur) and Xendur (directed by Pulok Gogoi, opposite Tapan Das). Other films in our database include Manav Aru Danav, Mainajan, Manasi, Nayanmoni and Jeewan Suravee.
In Sarothi (1991), directed by Bhabendranath Saikia, she played an unconventional character; the film won the National Award for Best Assamese Film. She also acted in twelve Bengali films and on the travelling theatre stage. She married the film distributor and producer M. P. N. Nair, and moved to Guwahati in 1980. Jyotirupa honoured her with a lifetime achievement award, and the Assam government gave her the Natasurya Phani Sarma Award.
বিদ্যা ৰাও অসমীয়া আৰু বঙালী ছবিৰ এগৰাকী অভিনেত্ৰী, যদিও তেওঁৰ অধিকাংশ কাম অসমীয়া ভাষাতে। অসমীয়া মাতৃ আৰু মহাৰাষ্ট্ৰীয় পিতৃৰ সন্তান বিদ্যা ৰাওৰ জন্ম ডিব্ৰুগড়ত আৰু তেওঁ কলকাতাত ডাঙৰ-দীঘল হয়। ছয় বছৰ বয়সতে তেওঁ ভূপেন হাজৰিকাৰ 'শকুন্তলা' (১৯৬১)ত শিশু চৰিত্ৰত অভিনয় কৰে আৰু পাছত হাজৰিকাৰে 'প্ৰতিধ্বনি' (১৯৬৫) আৰু 'লটিঘটি' (১৯৬৬)ত অভিনয় কৰে; শেষোক্ত ছবিখনত তেওঁ কেন্দ্ৰীয় নাৰী চৰিত্ৰত আছিল।
সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ পৰিচালনাত 'অৰণ্য' (১৯৭১)ত বিজু ফুকনৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰি তেওঁ সাফল্যৰ বাট পায়। ছবিখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে, ব্যৱসায়িকভাৱেও সফল হয় আৰু ইয়াৰ 'শিলে শিলে ঠেকা খালে' গীতটো জনপ্ৰিয় হৈ উঠে। ইয়াৰ পিছত বহুকেইখন অসমীয়া ছবিৰ প্ৰস্তাৱ তেওঁলৈ আহিবলৈ ধৰে। সত্তৰ আৰু আশীৰ দশকত তেওঁ শিৱপ্ৰসাদ ঠাকুৰৰ 'ঘৰ সংসাৰ' আৰু 'মন-মন্দিৰ', পুলক গগৈৰ 'সেন্দূৰ' (তপন দাসৰ বিপৰীতে)কে ধৰি কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰে। আমাৰ তথ্যভাণ্ডাৰত 'মানৱ আৰু দানৱ', 'মইনাজান', 'মানসী', 'নয়নমণি' আৰু 'জীৱন সুৰভি'তো তেওঁৰ নাম আছে।
ভবেন্দ্ৰনাথ শইকীয়াৰ 'সাৰথি' (১৯৯১)ত তেওঁ এটি ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়ণ কৰে; ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। তেওঁ বাৰখন বঙালী ছবি আৰু ভ্ৰাম্যমাণ থিয়েটাৰতো অভিনয় কৰিছিল। ছবি বিতৰক আৰু প্ৰযোজক এম পি এন নায়াৰৰ সৈতে বিবাহৰ পিছত ১৯৮০ চনত তেওঁ গুৱাহাটীলৈ আহে। 'জ্যোতিৰূপা'ই তেওঁক জীৱনজোৰা সাধনাৰ বঁটা আৰু অসম চৰকাৰে 'নটসূৰ্য ফণী শৰ্মা বঁটা' প্ৰদান কৰিছে।
Acting 7 films
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Is this you, or do you have a correction? Last updated 9 October 2026.