পত্নী

Patni
Directed by Pulak Gogoi

পত্নী ২০০৩ চনত মুক্তি পোৱা পুলক গগৈ পৰিচালিত এখন ৰঙীন অসমীয়া ড্ৰামা ছবি, পি জি ফিল্মছৰ প্ৰযোজনা। ম্যানমাৰৰ কথাশিল্পী জাগিয়াইৰ চুটিগল্প The Wife-ৰ আধাৰত পৰিচালক গগৈয়ে ইয়াৰ চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে। সংগীত অতুল মেধিৰ।

ক'ত চাব Where to watch

We don't know of a legal way to watch Patni online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

গাঁৱৰ ৰাইজে কাতিৰামক এজন ধোদ বুলিয়ে ভাবে। ঘৈণীয়েক মাধনে হাটত শাক-পাচলি বিক্ৰি কৰি ঘৰখনৰ খৰচ চলায় আৰু কাতিৰামে ৰন্ধা-বঢ়া, ধোৱা-পখলা আৰু ল’ৰা-ছোৱালীৰ চোৱাচিতা কৰে। তেওঁৰ এটা ভাল গুণ আছে, তেওঁ সুৰীয়া কণ্ঠৰ গৰাকী। নামঘৰত সুৰ লগাই ঘোষা-পদ গালে ৰাইজে মন্ত্ৰমুগ্ধ হৈ শুনে।

গাঁৱৰ নামঘৰীয়াজন বৃদ্ধ হৈ পৰিছিল আৰু নামঘৰৰ কাম কৰিব নোৱাৰা হৈছিল। সেয়েহে ৰাইজে কাতিৰামকে নামঘৰীয়াৰ দায়িত্ব দিয়াৰ কথা ভাবে। তেওঁ ঘৰ এৰি অহাৰ ইচ্ছা নকৰিছিল যদিও ডেকা ভকত ধনাইৰ প্ৰৰোচনাত অৱশেষত দায়িত্ব লয়। সাংসাৰিক দায়িত্বলৈ পিঠি দি তেওঁ নামঘৰতে থাকিবলৈ লয় আৰু মাজে মাজে ঘৰলৈ এমুঠি মাহ-প্ৰসাদ লৈ গৈ সন্তানহালৰ খবৰ লৈ আহে। এদিন নিশা এটা চোৰ নামঘৰত চুৰ কৰিবলৈ আহি ধৰা পৰে। কাতিৰামৰ বুজনিত চোৰটোৰ শুধৰণি হয় আৰু সংসাৰত তাৰ কোনো নথকাৰ কাৰণে কাতিৰামে তাক নামঘৰতে কাম কৰিবলৈ ৰাখি দিয়ে।

গিৰিয়েকৰ অবৰ্তমানত হাট কৰা, ৰন্ধা-বঢ়া আৰু ল’ৰা-ছোৱালী চোৱাচিতা কৰাত অকলশৰীয়া মাধনৰ ভীষণ অসুবিধা হয়। কাতিৰামক ঘূৰাই আনিবলৈ মাধনৰ এগৰাকী পেহীয়েকে মাধনৰ সৈতে যুক্তি কৰি এটা বুদ্ধি উলিয়ায়। কাতিৰামে নিজৰ ভুল বুজি পায়, নামঘৰৰ দায়িত্ব সেই শুধৰি যোৱা চোৰ-ভকতজনৰ হাতত অৰ্পণ কৰি ঘৰলৈ ঘূৰি আহে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Pulak Gogoi
Music director
Atul Medhi

নিৰ্মাণ Production

ছবিখন পুলক গগৈয়ে নিজৰ পি জি ফিল্মছ (পুলক গগৈ ফিল্মছ)ৰ বেনাৰত পৰিচালনা কৰিছে। জাগিয়াইৰ চুটিগল্প The Wife-ৰ আধাৰত তেওঁ চিত্ৰনাট্য আৰু সংলাপ লিখিছে। মূল ভূমিকাত অভিনয় কৰিছে জয়ন্ত ভাগৱতী আৰু পাকিজা বেগমে।

সংগীত পৰিচালনা অতুল মেধিৰ আৰু সংগীত ব্যৱস্থাপনা ৰূপম তালুকদাৰৰ। কেশৱ মহন্তই ৰচনা কৰা দুটা গীতৰ উপৰিও ছবিখনত একাধিক লোকগীত আৰু ঘোষা-পদ অন্তৰ্ভুক্ত কৰা হৈছে। গীত গাইছে শান্তা উজীৰ, কৃষ্ণমণি নাথ, চাজু, খগেন গগৈ, নিৰঞ্জন কলিতা, দিলীপ ফুকন, মধুস্মিতা ভট্টাচাৰ্য আৰু গুণীন ওজাই।

জানেনে? Trivia

  • The screenplay is adapted from a short story by the Burmese author Jagiai.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Pulak Gogoi

Also from 2003