বিধাতা

Bidhata
Directed by Munin Barua

বিধাতা ২০০৩ চনত মুক্তি পোৱা মুনীন বৰুৱা পৰিচালিত এখন ৰঙীন পাৰিবাৰিক নাটকীয় ছবি। সংগম পিকচাৰ্ছৰ বেনাৰত চি এছ নাৰায়ণ আৰু স্বৰাজ দাসে ইয়াক প্ৰযোজনা কৰে আৰু সংগীত পৰিচালনা জুবিন গাৰ্গৰ। মূল চৰিত্ৰত আছে যতীন বৰা, বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা আৰু বৰষা ৰাণী বিষয়া। কাহিনীত ১৯৭১ চনৰ হিন্দী ছবি আনন্দৰ প্ৰভাৱ আছে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Bidhata online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

ৰুদ্ৰপ্ৰসাদ বৰুৱা বাহিৰত কঠোৰ, ভিতৰত কোমল স্বভাৱৰ মানুহ আৰু অতীতৰ বংশগৌৰৱৰ প্ৰতি অতিশয় সচেতন। ঘৰৰ কোনেও তেওঁৰ মতৰ বিৰুদ্ধে যাব নোৱাৰে। বংশমৰ্যাদাত অলপ তলৰ ছোৱালী বিয়া কৰোৱাৰ বাবে ভায়েক হেমন্তক ঘৰ এৰি ভাৰাঘৰত থাকিবলগীয়া হয়। বৰপুত্ৰ জয়ন্তই প্ৰতিমাক বিয়া কৰাব খুজিলেও বৰুৱাই বাধা দিয়ে।

এনেতে ঘৰলৈ আহে বিজু, ৰুদ্ৰপ্ৰসাদ আৰু হেমন্তৰ ভাগিনীয়েক। চিনেমাৰ কোৰ্চ কৰিবলৈ বাহিৰলৈ যোৱা এই ৰঙিয়াল, হৈ-হুলস্থুল ভাল পোৱা ল'ৰাজন সৰুতে মাক হেৰুৱাই মোমায়েক-মামীয়েকৰ মৰমতে ডাঙৰ হৈছে। আহিয়েই তেওঁ কঠোৰ মোমায়েকক মান্তি কৰাই জয়ন্তৰ লগত প্ৰতিমাৰ বিয়া পাতি দিয়ে, হেমন্তক ভাৰাঘৰৰ পৰা মূল ঘৰলৈ অনায় আৰু বৰুৱাৰ সৰু পুত্ৰ দিগন্তকো ড্ৰাগছ মাফিয়াৰ কবলৰ পৰা কৌশলেৰে উদ্ধাৰ কৰে।

ঘৰখনত সুখ-শান্তি বিৰাজ কৰাৰ সময়তে সকলোৱে গম পায় যে বিজু দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত আৰু তেওঁৰ হাতত আছে মাত্ৰ কেইদিনমান। কাকো কষ্ট নিদিবলৈ তেওঁ ৰোগৰ কথা গোপন ৰাখি ঘৰৰ পৰা আতঁৰত শেষ দিনকেইটা কটোৱাৰ পৰিকল্পনা কৰিছিল। এদিন বিজুৰ মৃত্যু হয়, কিন্তু তেওঁ ঘনিষ্ঠসকলৰ অন্তৰত জীয়াই থাকে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Munin Barua
Music director
Zubeen Garg

নিৰ্মাণ Production

জুবিন গাৰ্গে সংগীত পৰিচালনা কৰে আৰু মানস ৰবীন আৰু দিগন্ত ভাৰতীৰ লগত গীতো লিখে। কণ্ঠদান কৰে জুবিন গাৰ্গ, শাশ্বতী ফুকন, পৰিণীতা আৰু সৌৰিণে। ৰূপসজ্জা যোগেন দাসৰ, শব্দ যতীন শৰ্মাৰ, সাজ-সজ্জা আৰু কলা নিৰ্দেশনা মঞ্জুলা বৰুৱাৰ আৰু মুখ্য সহকাৰী পৰিচালক ৰাজেশ ভূঞা।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Munin Barua

Also from 2003