টি আৰ পি আৰু

TRP Aru

টি আৰ পি আৰু ২০১৪ চনৰ ২৮ নৱেম্বৰত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ, যাৰ পৰিচালক মৃদুল গুপ্তা। তিনিজন যুৱ সাংবাদিকৰ দৃষ্টিৰে ছবিখনে উত্তৰ-পূব ভাৰতৰ বাতৰি চেনেলসমূহৰ মাজৰ টেলিভিছন ৰেটিং পইণ্টৰ প্ৰতিযোগিতা দেখুৱাইছে।

ক'ত চাব Where to watch

We don't know of a legal way to watch TRP Aru online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

উত্তৰ-পূৰ্বাঞ্চলত দূৰদৰ্শন উদ্যোগৰ দ্ৰুত বিকাশৰ লগে লগে বাতৰি চেনেলসমূহৰ মাজত প্ৰতিযোগিতা বাঢ়িছে। টি আৰ পি বঢ়োৱাৰ স্বাৰ্থত প্ৰতিটো চেনেলে ব্ৰেকিং নিউজৰ সন্ধানত থাকে আৰু তেনে বাতৰি সৃষ্টিৰ বাবে অতিৰিক্ত ৰহণ সানি পৰিৱেশন কৰিবলৈকো কুণ্ঠাবোধ নকৰে।

ছবিখনে এই পৰিৱেশটো দুটা শীৰ্ষস্থানীয় বাতৰি চেনেলৰ তিনিজন যুৱ সাংবাদিক বন্ধুৰ দৃষ্টিৰে দেখুৱাইছে। কাহিনীত নাৰী ব্যৱসায়ী চক্ৰৰ হাতত পৰা এগৰাকী যুৱতী, পতিতালয়ৰ অন্ধকাৰ জীৱন আৰু দুটা চেনেলৰ মাজৰ টি আৰ পিৰ যুদ্ধ আছে, আৰু শেষত সকলো বাধা নেওচি সত্যৰ প্ৰতিষ্ঠা হয়।

নিৰ্মাণ Production

ছবিখন অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম আৰু জে আৰ এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত। পৰিচালক মৃদুল গুপ্তা আৰু কাৰ্যবাহী প্ৰযোজক ৰাণুমাই টেৰণপি। কাহিনী পঙ্কজজ্যোতি ভূঞাৰ, চিত্ৰনাট্য আৰু সংলাপ মণিমালা দাসৰ, সংগীত আৰু গীত পলাশ গগৈৰ, চিত্ৰগ্ৰহণ ৰক্তিমৰ আৰু সম্পাদনা অমিতাভ আৰু ধনজিৎ দাসৰ।

অভিনয়ত আছে উৰ্মিলা মহন্ত, গুঞ্জন ভৰদ্বাজ, ফেৰীপ্ৰিয়া আহমেদ, প্ৰিন্স চৌহান আৰু দেৱজিত মজুমদাৰ।

জানেনে? Trivia

  • Co-produced by the Assam State Film (Finance and Development) Corporation.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2014