স্বৰ্গৰথ

Swargarath

স্বৰ্গৰথ ২০২৪ চনৰ এখন অসমীয়া হাস্যৰসধৰ্মী চলচ্চিত্ৰ, যাৰ পৰিচালক ৰাজেশ ভূঞা। ছবিখনত সিদ্ধাৰ্থ শৰ্মা, কেনি বসুমতাৰী, কমল লোচন ডেকা, উদ্ভাৱন শইকীয়া আৰু বনি দেউৰীয়ে অভিনয় কৰিছে। কাহিনী ৰচনা কৰিছে শান্তনু ৰৌমূৰীয়া আৰু ৰাজেশ ভূঞাই। ভাৰতৰ ৫৫তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মূলসুঁতিৰ চিনেমা শাখাৰ বাবে ছবিখন নিৰ্বাচিত হৈছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Swargarath online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

ছবিখনত শৱদেহ কঢ়িওৱা গাড়ীৰ চালক বৈকুণ্ঠ, তিনিজন কলেজীয়া ছাত্ৰ আৰু দুজন আৰক্ষীৰ জীৱনৰ কাহিনী দেখুওৱা হৈছে। টকাৰে ভৰা এটা বেগক কেন্দ্ৰ কৰিয়েই গোটেই কাহিনীটো আগবাঢ়ে আৰু সকলোৰে জীৱন ইটোৱে সিটোৰ লগত সাঙোৰ খায়।

ছবিখনৰ বাৰ্তা হ'ল, নিজৰ ইচ্ছা পূৰণৰ বাবে মানুহে যিটো পথেই লওক, শেষত তেওঁলোকে বিধান অনুসৰি প্ৰাপ্যখিনিহে লাভ কৰে।

নিৰ্মাণ Production

ছবিখন পৰিচালনা কৰিছে ৰাজেশ ভূঞাই আৰু শান্তনু ৰৌমূৰীয়াৰ লগত যুটীয়াভাৱে কাহিনী ৰচনা কৰিছে। অভিনয়ত ৰিমঝিম ডেকা, পঞ্চী পাটোৱাৰী, এলিচ শ্বেইখ, মাধুৰিমা চৌধুৰী, আকিজ জামাদ, পংকজ মহন্ত, হিমাংশু গগৈ, ৰিণ্টু বৰা আদিও আছে।

কলা-কুশলীৰ ভিতৰত ষ্টিল ফটোগ্ৰাফীত অনুপ বৰুৱা, ৰূপসজ্জাত আকো বথাৰা, গ্ৰাফিক্সত ৰাতুল ডেকা, কলা-নিৰ্দেশনাত জ্যোতি শংকৰ ভট্টাচাৰ্য আৰু কৰিঅ'গ্ৰাফীত দীপক দে। ধ্বনিৰ দায়িত্বত আছিল দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতম, আনহাতে সাজ-সজ্জাত ৰাজেশ ভূঞা আৰু বৈশালী ভূঞা।

সমালোচনা Reception

২০২৪ চনত ছবিখন ভাৰতৰ ৫৫তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মূলসুঁতিৰ চিনেমা শাখাত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হয়। এই সুখবৰ উদযাপনৰ বাবে ২০২৪ চনৰ ২৯ নৱেম্বৰত গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, মঙলদৈ আৰু ধেমাজিকে ধৰি অসমৰ ছবিগৃহত ইয়াক পুনৰ মুক্তি দিয়া হয়।

উত্তৰ-পূব ভাৰতৰ পৰা ইয়াৰ আগতে কোনো ছবি এই শাখালৈ নিৰ্বাচিত হোৱা নাছিল বুলি দাবী কৰা হৈছিল, কিন্তু অঞ্চলটোৰ সমালোচকসকলে আঙুলিয়াই দিছে যে অশোক কুমাৰ বিষয়াৰ ১৯৯৮ চনৰ ছবি জৌবনে আমোনি কোৰে হে অসম আৰু উত্তৰ-পূব ভাৰতৰ পৰা এই শিতানত প্ৰথম বাছনি আছিল।

জানেনে? Trivia

  • Re-released on 29 November 2024 after its festival selection.
  • Critics noted that Jouboney Amoni Kore (1998) was the earlier IFFI mainstream selection from the region.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2024