ৰিচাং

Rishang
Directed by Manas Barua

ৰিচাং ২০১২ চনৰ ১১ মে'ত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ, পৰিচালক মানস বৰুৱা। ছবিখনত এজন অনাথ যুৱকৰ ব্যতিক্ৰমী জীৱনশৈলী আৰু তেওঁৰ জীৱনলৈ অহা প্ৰেমৰ কাহিনী দেখুওৱা হৈছে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Rishang online right now. If you've seen it on a streaming service or an official channel, tell us.

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Manas Barua

নিৰ্মাণ Production

ছবিখন 'ৰুবী ভিজন'ৰ বেনাৰত প্ৰযোজনা কৰিছে পল্লৱী বৰুৱাই। পৰিচালক মানস বৰুৱাই ইয়াৰ আগতে বহুসংখ্যক অসমীয়া ভিচিডি ছবি পৰিচালনা কৰিছিল; ৰিচাং হৈছে তেওঁ পৰিচালনা কৰা প্ৰথমখন অসমীয়া বোলছবি।

ছবিখনৰ সংগীত পৰিচালনা কৰিছে যতীন শৰ্মা (মাইনা) আৰু অনিৰুদ্ধ বৰুৱাই, গীতৰ কথা দিগন্ত ভাৰতীৰ। শীৰ্ষক গীতটোত কণ্ঠ দিছে নাইজেৰিয়ান শিল্পী বব অমেল'ই।

চলচ্চিত্ৰখনত অভিনয় কৰিছে দিগন্ত হাজৰিকা, নিশিতা গোস্বামী, বিদ্যুৎ চক্ৰৱৰ্তী, পদ্মৰাগ গোস্বামী, ৰঞ্জিবলাল বৰুৱা আৰু পাকিজা বেগমে।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2012