খোজ

Khoj
Directed by Pulak Gogoi

খোজ ১৯৭৫ চনৰ ফেব্ৰুৱাৰীত মুক্তি পোৱা এখন ক'লা-বগা অসমীয়া ছবি। ইয়াৰ কাহিনী, চিত্ৰনাট্য, সংলাপ, প্ৰযোজনা আৰু পৰিচালনা পুলক গগৈৰ, সঙ্গীত ভূপেন হাজৰিকাৰ। চিত্ৰশিল্পী আৰু ৰাজনৈতিক কাৰ্টুনিষ্ট হিচাপে আগতেই পৰিচিত গগৈৰ এয়াই প্ৰথম ছবি।

ক'ত চাব Where to watch

We don't know of a legal way to watch Khoj online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

পৰীক্ষা দি কেইদিনমান কটাবলৈ হোমেন গাঁৱলৈ আহি সৰুকালৰ খেলৰ লগৰী কমলাক লগ পায়। কমলাই তেওঁলোকৰ ঘৰতে আশ্ৰয় লৈ আছিল। এতিয়া তাই গাভৰু হৈছে আৰু হোমেনে তাইৰ মাজত এক বেলেগ ৰূপ দেখে, কিন্তু কমলাই তেওঁক আগৰ দৰেই ককাইদেউ বুলিয়েই ভাবে। গাঁৱৰ মানুহে তাইক ভুল বুজে, আৰু সকলোৰে প্ৰতি অভিমানত তাই জীৱনৰ মোহ হেৰুৱায়।

অপৰাধবোধত দগ্ধ হোমেনে অলপ শান্তিৰ আশাত বন্ধু প্ৰফুল্লৰ সহায়ত আন এখন গাঁৱত শিক্ষকতা লয়। তাত সমাজে অৱহেলা কৰা জয়াৰ জীৱন-সংগ্ৰামে তেওঁক অভিভূত কৰে, আৰু অন্ধ সংস্কাৰ ভাঙিবলৈ তেওঁ নতুন খোজ দিয়ে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Pulak Gogoi

নিৰ্মাণ Production

পুলক গগৈয়ে আমেৰিকাৰ ৱাশ্বিংটনত এখন চিত্ৰ প্ৰদৰ্শনীত অংশ লৈছিল আৰু তাত প্ৰায় চল্লিশখন ছবি বিক্ৰী হয়। ঘূৰি অহা পথত তেওঁৰ চুটকেছ হেৰাই যোৱাত তেওঁ মুম্বাইৰ হোটেলত অপেক্ষা কৰিবলগীয়া হয়, আৰু তাতে বলীউডত কাম কৰা বিজয় চৌধুৰী আৰু পীযুষ কান্তি ৰায়ক লগ পায়। ভূপেন হাজৰিকাও তালৈ আহে আৰু সকলোৱে তেওঁক চিনেমা কৰিবলৈ উদগনি দিয়ে। হাজৰিকাই সঙ্গীত কৰি দিম বুলি কথা দিয়ে। গগৈয়ে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ আলোচনীত ছাত্ৰাৱস্থাত লিখা এটা গল্পৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰে।

বিজয় শঙ্কৰৰ বাহিৰে আন কোনো প্ৰতিষ্ঠিত শিল্পী লোৱা হোৱা নাছিল। নায়ক মেহতাব হুছেইন তেতিয়া অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল আৰু ৰেজিনা বেগম আছিল গুৱাহাটীৰ হেদায়েৎপুৰৰ ছোৱালী। ছবিখন নিৰ্মাণত প্ৰায় ১,২৫,০০০ টকা খৰচ হৈছিল। বেনাৰ বিন্দু ফিল্মছ, আৰু ভূপেন হাজৰিকাই সঙ্গীত পৰিচালনাৰ লগতে গীতো ৰচনা কৰিছিল।

সমালোচনা Reception

ছবিখনে দৰ্শকৰ সহাঁৰি নাপালে আৰু চিত্ৰগৃহত নচলাত নিৰ্মাণৰ খৰচ উভতি নাহিল। ১৯৭০ৰ দশকত অসমলৈ আহি পোৱা সমান্তৰাল ছবিৰ ধাৰাৰ কিছু প্ৰভাৱ ইয়াত দেখা যায়। ২০১১ চনৰ ডিচেম্বৰত গুৱাহাটীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ছবিখন দেখুওৱা হয়, যত নায়ক মেহতাব হুছেইন আৰু ৰেজিনা বেগম উপস্থিত আছিল।

জানেনে? Trivia

  • Pulak Gogoi funded the film with money earned from selling his paintings in the United States.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Pulak Gogoi

Also from 1975