দূৰণীৰ ৰঙ

Duranir Rong
Directed by Jones Mahalia

দূৰণীৰ ৰঙ ১৯৭৯ চনত মুক্তি পোৱা জন্‌ছ মহলীয়াৰ পৰিচালিত আৰু প্ৰযোজিত এখন ক'লা-বগা অসমীয়া ছবি। পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটৰ পৰিচালনা বিভাগৰ পৰা সদ্যোত্তীৰ্ণ মহলীয়াৰ এয়া আছিল প্ৰথম পৰিচালিত ছবি।

ক'ত চাব Where to watch

We don't know of a legal way to watch Duranir Rong online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

অসীম দত্তই এটা স্পিনিং মিলত সহকাৰী প্ৰবন্ধকৰ চাকৰি পায়। তাত তেওঁ দুৰ্নীতিগ্ৰস্ত প্ৰবন্ধক ভৱেন্দ্ৰ বৰঠাকুৰ আৰু দায়িত্বজ্ঞানহীন কৰ্মচাৰী জুৰিক লগ পায়। জুৰিয়ে এখন গুৰুত্বপূৰ্ণ নথি হেৰুৱালে অসীম খঙত জ্বলি উঠে, কিন্তু পিছত গম পায় যে নথিবোৰ আচলতে আন এজনী কৰ্মচাৰী সুনীতাই নষ্ট কৰিছিল। অসীমে জুৰিৰ ওচৰত ক্ষমা বিচাৰে, আৰু তাৰ পৰাই দুয়োৰ মাজত প্ৰেমৰ সূত্ৰপাত হয়।

সময়ৰ লগে লগে অসীমে জুৰিৰ অতীতৰ কিছু ভয়াৱহ কথা জানিব পাৰে, আনহাতে অসীমৰ অতীতৰ মিছা কলংকৰ কথাও প্ৰকাশ পায়। সম্পৰ্কত ফাট মেলে আৰু দুয়ো বহু দূৰলৈ আঁতৰি যায়। লম্পট প্ৰকৃতিৰ বৰঠাকুৰে বহু নাৰীৰ জীৱন ধ্বংস কৰিছে, আৰু জুৰিৰ প্ৰতি তেওঁৰ দুৰ্বলতা বহুদিনীয়া। মানসিকভাৱে ভাগি পৰা জুৰি তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰে, আৰু এই সুযোগৰ বাবেই বৰঠাকুৰ অপেক্ষা কৰি আছিল।

বৰঠাকুৰৰ আন এজনী প্ৰেমিকা শীলাই বিশ্বাসঘাতকতাৰ বলি হৈ এদিন তেওঁক পিস্তলেৰে গুলীয়াই হত্যা কৰে। পুলিচে হত্যাকাণ্ডৰ বাবে অসীমকে সন্দেহ কৰে, আৰু তেওঁ আত্মগোপন কৰে। এদিন মাজনিশা জুৰিৰ ওচৰলৈ আহি তেওঁ নিজৰ নিৰ্দোষিতাৰ কথা কয়, কিন্তু জুৰিয়ে বিশ্বাস নকৰি সংগোপনে তেওঁক পুলিচৰ হাতত ধৰাই দিয়ে। পিছত শীলাই জুৰিৰ ওচৰত হত্যাৰ কথা স্বীকাৰ কৰিলে জুৰি উন্মাদ হৈ পৰে আৰু অনুতাপত দগ্ধ হৈ অসীমক বিচাৰি ওলায়। শাৰীৰিক আৰু মানসিকভাৱে বিধ্বস্ত অসীম তেতিয়া ৰোগত পৰি হাস্পতালত ভৰ্তি। জুৰি হাস্পতালত উপস্থিত হৈ দেখে বগা কাপোৰেৰে ঢকা অসীমৰ নিথৰ দেহ।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Jones Mahalia

নিৰ্মাণ Production

ছবিখন পৰিচালনা আৰু প্ৰযোজনা কৰিছিল জন্‌ছ মহলীয়াই, বেনাৰ নবাৰুণ ফিল্মছ। ১৯৭৯ চনৰ ১৬ নৱেম্বৰত ইয়াৰ মুক্তি ঘটে। কাহিনী, সংলাপ, চিত্ৰনাট্য আৰু সম্পাদনাৰ ক্ষেত্ৰত কোনো ব্যক্তিৰ নাম নিদি কেৱল 'জনৈক' বুলি উল্লেখ কৰা হৈছিল। শব্দগ্ৰহণত আছিল ৰাজেন ৰাজখোৱা, পীযুষকান্তি ৰয় আৰু মৃণাল গুহঠাকুৰতা।

সঙ্গীত পৰিচালনা অজিৎ সিংহৰ, গীত লিখিছিল ৰুবী সিংহ, বঙ্কিম শৰ্মা আৰু গোলাম চামদানীয়ে। গুৱাহাটীৰ মেঘদূত পিকচাৰ পেলেচত ছবিখনৰ প্ৰিমিয়াৰ শ্ব' অনুষ্ঠিত হয়।

জানেনে? Trivia

  • The credits gave no personal name for the story, dialogue, screenplay or editing, only the word for 'someone'.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Jones Mahalia

Also from 1979