ক'ত চাব Where to watch
We don't know of a legal way to watch Dinobandhu online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
তপন দাসে অভিনয় কৰা দীনবন্ধু এজন নিম্ন মধ্যবিত্ত শ্ৰেণীৰ চাকৰিয়াল। কামত উপঢৌকন নলোৱাৰ বাবে তেওঁৰ আয় সীমিত, তথাপি সেইখিনিকে তেওঁ পৰিয়ালৰ সুখৰ বাবে খৰচ কৰিবলৈ বিচাৰে। অৰুণ নাথ তেওঁৰ বন্ধু। বাধ্যত পৰি তেওঁ নিজৰ বিয়াত আয়তকৈ অধিক খৰচ কৰে। পিছলৈ পত্নী (প্ৰস্তুতি পৰাশৰ) নৰিয়াত পৰোঁতে টকা আৰু ভাল চিকিৎসাৰ অভাৱত তেওঁৰ মৃত্যু হয়। খৰচৰ জোৰা মাৰিবলৈ দীনবন্ধুৱে ব্যক্তিগত টিউচনো কৰিবলগীয়া হয়।
জীয়েকহঁতৰ বিয়াৰ বয়স হ'লে তেওঁ শহুৰৰ ঘৰৰ দাবী মানি লৈ ডাঙৰ জী (গায়ত্ৰী মহন্ত)ৰ বিয়া ধুমধামেৰে পাতে। কিন্তু সৰু জীয়েক (নিশিতা গোস্বামী)ৰ বিয়াৰ বাবে তেওঁৰ হাতত অলপো টকা নাথাকে। তেতিয়া তেওঁ জীৱনৰ আৰম্ভণিৰ পৰা ঘটনাবোৰ বৰ্ণাই এটা কাহিনী লিখে, যে নিজৰ আৰু বৰ জীয়েকৰ বিয়াই তেওঁৰ অৰ্থনৈতিক ভেঁটি কেনেকৈ থানবান কৰিলে। সৰু জীয়েকৰ বিয়া ভালকৈ পাতিব নোৱাৰাৰ আত্মগ্লানিত ভুগি তেওঁ পৰোক্ষভাৱে তাইক প্ৰেমিক বিপুল (জুবিন গাৰ্গ)ৰ লগত পলাই যাবলৈ উপদেশ দিয়ে। সকলো বুজি তায়ো সেইমতে ঘৰ এৰি যায়।
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Munin Barua
- Music director
- Zubeen Garg
নিৰ্মাণ Production
ছবিখন প্ৰযোজনা কৰিছিল কৃষ্ণ ৰয় আৰু গোপাল জালানে। মুখ্য ভূমিকাত আছিল তপন দাস, অৰুণ নাথ, প্ৰস্তুতি পৰাশৰ, গায়ত্ৰী মহন্ত, নিশিতা গোস্বামী আৰু জুবিন গাৰ্গ।
সংগীত পৰিচালনা আৰু সুৰ জুবিন গাৰ্গৰ, গীতৰ কথা ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ। কণ্ঠ দিছিল অনিন্দিতা পাল আৰু জুবিন গাৰ্গে।
সমালোচনা Reception
ভাল ব্যৱসায় কৰাৰ উপৰিও ছবিখনে ২০০৪ চনত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.