বিভ্ৰাট

Bibhrat

বিভ্ৰাট ১৯৭২ চনত মুক্তি পোৱা ফণী তালুকদাৰ পৰিচালিত এখন অসমীয়া হাস্য-ব্যংগ ছবি। ১৯৬৮ চনত চৰকাৰী খণ্ডত প্ৰতিষ্ঠা হোৱা জ্যোতি চিত্ৰবনত এখন ছবিৰ আটাইবোৰ গীত বাণীবদ্ধ কৰা প্ৰথমখন ছবি এইখনেই। প্ৰযোজক পীতাম্বৰ শৰ্মা, বংসীধৰ শৰ্মা আৰু ফণী তালুকদাৰ।

ক'ত চাব Where to watch

We don't know of a legal way to watch Bibhrat online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

পিয়ন বা চকিদাৰৰ দৰে কিবা এটা সাধাৰণ চাকৰি বিচাৰি যদু গাঁৱৰ পৰা চহৰলৈ আহে। তাত তেওঁ মধুক লগ পায়, যিজনে চহৰত কিছুদিন থাকি অলপ চতুৰ হৈছে। দুয়ো বেকাৰ, ৰাতি নামঘৰৰ বাৰান্দাত শোৱে আৰু দিনত চাকৰি বিচাৰে। মধুৱে আগতে কাম কৰা এঘৰত যদুয়ে ৰান্ধনীৰ কাম লয় যদিও বেছিদিন টিকি থাকিব নোৱাৰে। মধুৱে ভাৰাঘৰৰ দালালী, মুটীয়াগিৰি আদি নানা কাম কৰে, কিন্তু কতো থিতাপি নাপায়। পিছত দুয়ো আকৌ লগ হয়।

এদিন কাছাৰীৰ বাকৰিত এজন ঠগৰ পৰা পুৰণি বাতৰিকাকত কিনি যদুয়ে তাত নিৰুদ্দেশৰ খবৰ পঢ়ে আৰু পলৰীয়া ল'ৰা-ছোৱালী বিচাৰি দিলে ধন পোৱা যাব বুলি ভাবে। মধুও কামটোত লাগে। পলৰীয়া বুলি ভাবি নানাজনৰ পিছ লৈ দুয়ো বহু ঝামেলাত পৰে। ঘটনাক্ৰমে লাহৰীক লগ পাই যদুয়ে ঘৰ পতাৰো সপোন দেখে। এদিন পলৰীয়া বিচাৰি গৈ যদু এজন জুৱাচোৰ গুণ্ডাৰ হাতত পৰে আৰু শেষত মধুৱে তেওঁক উদ্ধাৰ কৰে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Phani Sarma, Phani Talukdar
Music director
Melodika

নিৰ্মাণ Production

ৰমেন বৰুৱাৰ তত্ত্বাৱধানত মেল'ডিকাই ছবিৰ সংগীত পৰিচালনা কৰিছিল। গীতকাৰ আছিল দ্বিজেন্দ্ৰ মোহন শৰ্মা, নিৰ্মল প্ৰভা বৰদলৈ আৰু নৱকান্ত বৰুৱা।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Phani Sarma & Phani Talukdar

Also from 1972