ক'ত চাব Where to watch
We don't know of a legal way to watch Wide Angle online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
নগেন শইকীয়াৰ ষ্টাফ ৰিপৰ্টাৰৰ ছবি গল্পৰ আধাৰত ছবিখনৰ কাহিনী গঢ় লৈছে আৰু ইয়াৰ পটভূমি অসম আন্দোলন। ফটো সাংবাদিক দিলীপ ভাগৱতীয়ে নিজে কাম কৰা দৈনিক কাকতখনত আন্দোলনৰ ফটো যোগান ধৰিবলৈ কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু তাৰ ফলত কেনেকৈ তেওঁৰ ব্যক্তিগত জীৱন আৰু সংসাৰ প্ৰভাৱিত হৈছিল, সেয়াই মূলত দেখুওৱা হৈছে।
ছবিখনত আন্দোলনৰ সময়ত অসমৰ ছাত্ৰ সমাজৰ ভূমিকা, সংগীত শিল্পীৰ অৰিহণা, স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ, প্ৰেম আৰু প্ৰতাৰণা, আৰু আৰক্ষী-প্ৰশাসনৰ কঠোৰ আৱেষ্টনীৰ দিশবোৰো উঠি আহিছে।
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Jayanta Nath
নিৰ্মাণ Production
স্বাৱলম্বন মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্টৰ বেনাৰত দেৱজ্যোতি বৰাই ছবিখন প্ৰযোজনা কৰে। অভিনয়ত আছে দিলীপ ভাগৱতীৰ চৰিত্ৰত তপন দাস, অন্তৰা ভাগৱতীৰ চৰিত্ৰত অৰ্পণা দত্ত চৌধুৰী, প্ৰদীপ দত্তৰ চৰিত্ৰত পবিত্ৰ বৰুৱা, বন্তি দত্তৰ চৰিত্ৰত জ্বলি লস্কৰ, গৌতম শৰ্মাৰ চৰিত্ৰত জুবিন গাৰ্গ, বাবলুৰ চৰিত্ৰত দীপাংকৰ দত্ত বৰুৱা আৰু বৰষা শইকীয়াৰ চৰিত্ৰত ধ্যানি মোহন। কলা নিৰ্দেশনা বিচিত্ৰ বৰা আৰু মানস বৰঠাকুৰৰ, সাজ-সজ্জা জুৰি ৰাণী নাথৰ, আৰু ৰূপ-সজ্জা বিশ্বজিৎ কলিতা আৰু প্ৰিয়াংশু ৰাজবংশীৰ।
সমালোচনা Reception
ছবিখন ২০২৪ চনৰ ২২ মাৰ্চত অসমৰ ছবিগৃহত মুক্তি পায়।
Sources
- Wikidata, Wikimedia Foundation
- Wikipedia (English), Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.