পিতা-পুত্ৰ

Pita Putra
Directed by Munin Barua

পিতা-পুত্ৰ ১৯৮৮ চনৰ এখন অসমীয়া ছবি, যিখন মুনীন বৰুৱাই এককভাৱে পৰিচালনা কৰা প্ৰথম ছবি। অমূল্য কাকতিৰ অংকুৰ গল্পৰ আধাৰত নিৰ্মিত এই ছবিত দুৰ্নীতিগ্ৰস্ত পিতা আৰু আদৰ্শবান পুত্ৰৰ সংঘাত দেখুওৱা হৈছে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Pita Putra online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

অভিনন্দন চলিহা এসময়ত আদৰ্শবান মানুহ আছিল। কিন্তু টকাৰ অভাৱত কিশোৰ পুত্ৰৰ মৃত্যু হোৱাৰ পিছত তেওঁ দুৰ্নীতিৰ বাটত খোজ লয় আৰু কম সময়তে ধনী আৰু প্ৰভাৱশালী হৈ পৰে।

তেওঁৰ জীয়াই থকা আনজন পুত্ৰ মানৱ কিন্তু আগৰ অভিনন্দন চলিহাৰ প্ৰতিৰূপ। মানৱে দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰামত জঁপিয়াই পৰে আৰু এখন নিকা সমাজ গঢ়াৰ উদ্দেশ্যে বন্ধুসকলৰ সৈতে অংকুৰ নামৰ বাতৰি কাকত প্ৰকাশ কৰে।

এই কাকতখনকে কেন্দ্ৰ কৰি পিতা-পুত্ৰৰ মাজত সংঘাত আৰম্ভ হয়, আৰু সেই সংঘাতেই ছবিখনৰ চালিকা শক্তি।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Munin Barua

নিৰ্মাণ Production

কাহিনীটো অমূল্য কাকতিৰ অংকুৰ গল্পৰ পৰা লোৱা। সংগীত পৰিচালনা ভূপেন উজীৰৰ আৰু গীতিকাৰ হেমন্ত দত্ত; ছবিখনত মুঠ ছটা গীত আছে। মূল ভূমিকাত অভিনয় কৰিছে বিজু ফুকন আৰু প্ৰাঞ্জল শইকীয়াই। ছবিখন সংলাপপ্ৰধান।

জানেনে? Trivia

  • It was Munin Barua's first film as sole director.
  • The film has six songs.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Munin Barua

Also from 1988