ক'ত চাব Where to watch
We don't know of a legal way to watch Banahansa online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
নীলিম বৰুৱা আৰু কাবেৰী বৰুৱাৰ তথাকথিত অভিজাত পৰিয়ালৰ একমাত্ৰ সন্তান দেবাহুতি। মাক-দেউতাকক এৰি তাই দাৰ্জিলিঙৰ এখন অভিজাত শিক্ষানুষ্ঠানত পঢ়ে। তিনিমাহৰ বন্ধত ঘৰলৈ আহি তাই দেখা পায় যে মাক-দেউতাক ক্লাব, পাৰ্টী আৰু মদত ব্যস্ত, তেওঁলোকৰ জীৱন ভাৰসাম্যহীন।
তেওঁলোকৰ ঘৰৰ ওচৰতে ডাকবিভাগত সাধাৰণ চাকৰি কৰা কমলেশ চৌধুৰীৰ পৰিয়াল থাকে। এই সাধাৰণ ঘৰখনৰ মানুহৰ মাজত তাই অভাৱনীয় মৰম পায় আৰু কমলেশৰ পুত্ৰ নূপুৰৰ প্ৰতি তাইৰ মনত লাজলাজ লগা এক অনামী শিহৰণ জাগে। কাবেৰী আৰু নীলিমেও কথাটো মন কৰে। কিন্তু দেৱাহুতিৰ কল্পনাৰ জগত ভাঙি চূৰমাৰ হৈ যায়। তাই যেন এটা বন্ধ কুঠৰীত বন্দী। তাই মুক্তি বিচাৰে আৰু বনহংসৰ দৰে উৰি যাব বিচাৰে।
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Abdul Majid
- Music director
- Bhupen Hazarika
নিৰ্মাণ Production
আব্দুল মজিদে ছবিখন পৰিচালনা কৰিছিল আৰু চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছিল। প্ৰযোজনা কৰিছিল যোৰহাটৰ সেউজ বোলছবি সন্থাই। সংগীত পৰিচালনা আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ আৰু ছবিখনত ছটা গীত আছে। শব্দগ্ৰহণ কৰিছিল মৃণাল গুহ ঠাকুৰতা, কালিদাস আৰু অৰবিন্দই আৰু কলা নিৰ্দেশনা আমিনুৰ ৰহমান আৰু যোগেন দাসৰ।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.