অভিমান

Abhiman

অভিমান ১৯৯০ চনত মুক্তি পোৱা মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ, ১৯৯০ চনৰ ১২ জানুৱাৰীত ইয়াৰ মুক্তি ঘটে। এজন সাংবাদিক, তেওঁক ভালপোৱা যুৱতী আৰু তাইক আশ্ৰয় দিয়া মানুহজনৰ কাহিনী ছবিখনত আছে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Abhiman online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

অৰণ্যৰ প্ৰতি আসক্ত ঋতু এজন ফ্ৰিলাঞ্চ সাংবাদিক। পাপৰিয়ে তেওঁক ভালপায় আৰু তেওঁৰ মাজেদিয়েই জীৱনৰ সেউজ সপোন বিচাৰি পায়। ইফালে মাহীমাকে তাইক আদৰ্শহীন, উদ্ধত যুৱক ইন্দ্ৰৰ সৈতে বিয়া দিব খোজে। পাপৰিৰ ঘৰলৈ ইন্দ্ৰৰ সঘন আহ-যাহ দেখি ঋতু অশান্ত হয় আৰু বিশ্বাস-সংশয়ৰ দোমোজাত পৰে, যদিও পাপৰিয়ে তেওঁক আশ্বাস দিয়ে।

চোৰাং কাঠৰ ব্যৱসায়ৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত ঋতুয়ে প্ৰেছত যোগদানৰ আমন্ত্ৰণ পায়। সেই আনন্দৰ খবৰ জনাবলৈ গৈ তেওঁ পাপৰিক ইন্দ্ৰৰ বাইকৰ পিছত দেখা পায় আৰু অভিমানত আঁতৰি যায়। দিন গৈ থাকে, পাপৰিৰ গৰ্ভত ঋতুৰ সন্তান ডাঙৰ হয়। মাহীমাকৰ ককৰ্থনা বাঢ়ি অহাত তাই ঘৰ এৰি ওলাই আহি অৰ্ণৱক লগ পায়।

অৰ্ণৱে পাপৰিক আশ্ৰয় আৰু পত্নীৰ মৰ্যদা দিয়ে, আৰু ঋতুমণিক নিজৰ সন্তানৰ দৰে আঁকোৱালি লয়। এদিন হঠাতে ঋতু আহি উপস্থিত হয়। ঋতুমণিৰ সৈতে তেওঁৰ ঘনিষ্ঠতাই পাপৰিক উদ্বিগ্ন কৰে। ঋতুয়ে একেলগে থকাৰ প্ৰস্তাৱ দিয়ে, কিন্তু অৰ্ণৱৰ সৈতে কটোৱা বছৰবোৰ ত্যাগ কৰিবলৈ পাপৰি কোনো মতেই মান্তি নহয়।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

নিৰ্মাণ Production

এম জে ফিল্মৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছে মৃদুল গুপ্তাই আৰু প্ৰযোজনা মাণিক ৰহমান আৰু জোনটি দৌলাৰ। সংগীত প্ৰশান্ত বৰদলৈৰ; তেওঁ এটা গীতৰো ৰচনা কৰে। বাকী গীতৰ কথা হেমন্ত দত্তৰ। কণ্ঠদান কৰিছে আৰিফুল হক আৰু মুনমী বৰাই। অভিনয়ত আছে তপন দাস আৰু বিজু ফুকন।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 1990