দ্য ফে'চ

The Face
Directed by Rajib Dutta

দ্য ফে'চ ২০১৪ চনৰ ২৬ ছেপ্টেম্বৰত মুক্তি পোৱা এখন এক্‌ছনধৰ্মী আৰু ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে ৰাজীৱ দত্তই, সন্তোষী মা প্ৰডাক্‌ছনৰ বেনাৰত প্ৰযোজনা কৰিছে বৰ্ণালী হাজৰিকাই আৰু সংগীত পৰিচালনা সুদীপ্ত হাজৰিকাৰ।

ক'ত চাব Where to watch

We don't know of a legal way to watch The Face online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

ছবিখনৰ কাহিনী এই ধাৰণাৰ ওপৰত আধাৰিত যে সমাজৰ কিছুমান চেহেৰাই সমাজৰ উন্নতিৰ বাবে কাম কৰি এখন সুস্থ আৰু নিকা সমাজ গঢ়িব বিচাৰে, আনহাতে আন কিছুমান বিপৰীতধৰ্মী চেহেৰাই সমাজখনক নিৰন্তৰ ধ্বংসৰ মুখলৈ ঠেলি দিয়ে। এই দুই ধৰণৰ চেহেৰাৰ উপস্থিতিত সমাজত কেনে পৰিৱৰ্তন আহিব পাৰে, ছবিখনে তাকে দেখুৱাইছে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Rajib Dutta

নিৰ্মাণ Production

ছবিখন সন্তোষী মা প্ৰডাক্‌ছনৰ বেনাৰত বৰ্ণালী হাজৰিকাই প্ৰযোজনা কৰিছে। কাহিনী, চিত্ৰনাট্য আৰু সংলাপ পলাশ পৱনৰ। চিত্ৰগ্ৰহণত পৃথ্বীৰাজ দত্ত আৰু জিতেন বড়ো, নৃত্য নিৰ্দেশনাত গৌতম ৰাভা, সম্পাদনাত ঋতুৰাজ দত্ত আৰু এক্‌ছন নিৰ্দেশনাত প্ৰদীপ আৰু ভবেশ।

অভিনয়ত আছে পদ্মৰাগ গোস্বামী, হৃষভ শৰ্মা, ৰিমি হাজৰিকা, কল্প ৰীত, সাগৰ, মানস, হিমাংশু আৰু নয়নজ্যোতি। সংগীত পৰিচালনা সুদীপ্ত হাজৰিকাৰ আৰু গীতসমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ, বৰ্ণালী কলিতা, সীমান্ত শেখৰ, প্ৰিয়ংকা ভৰালী, অনামিকা চৌধুৰী, সুদীপ্ত নয়ন আৰু শৰ্মিষ্ঠা গোস্বামীয়ে।

জানেনে? Trivia

  • Released on 26 September 2014.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2014