সাত নম্বৰৰ সন্ধানত

Saat Nomboror Sandhanot
Directed by Abdul Majid

সাত নম্বৰৰ সন্ধানত ২০১৬ চনত মুক্তি পোৱা, আব্দুল মজিদ পৰিচালিত অসমীয়া চলচ্চিত্ৰ, প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে। জেহিৰুল হুছেইনৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মিত ছবিখনত স্বামী আৰু পুত্ৰ হেৰুৱাই এগৰাকী চাহবাগিছাৰ শ্ৰমিক নাৰীয়ে সাত নম্বৰ শত্ৰুক বিচাৰি গাঁৱে গাঁৱে ঘূৰি ফুৰা দেখুওৱা হৈছে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Saat Nomboror Sandhanot online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ লীলাৱতী চাহবনুৱা সম্প্ৰদায়ৰ নাৰী, বাগানতে কাম কৰে। তাইৰ স্বামী হাৰুও বাগানৰ শ্ৰমিক। এদিন কামৰ মাজতে সৰ্পদংশনত হাৰুৰ মৃত্যু হয়। লীলাৱতীয়ে কৰ্তৃপক্ষৰ ওচৰত ক্ষতিপূৰণ বিচাৰে, কিন্তু মৃতদেহৰ পোষ্টমৰ্টেম হোৱা নাই বুলি অজুহাত দেখুৱাই তাইক একো দিয়া নহয়। অশেষ কষ্টৰে তাই তিনিটা সন্তান ডাঙৰ কৰে, দুজনী জীয়ৰীক বিয়া দিয়ে আৰু একমাত্ৰ পুত্ৰ শিবুৰো বিয়াৰ আয়োজন কৰে। কিন্তু বাগানৰ ফেক্টৰীত দুৰ্ঘটনা ঘটি শিবুৰো মৃত্যু হয়।

স্বামী আৰু পুত্ৰক হেৰুৱাই লীলাৱতীয়ে মানসিক ভাৰসাম্য হেৰুৱায়। তাই বাগানৰ কাম এৰে, মনৰ যন্ত্ৰণা লাঘৱ কৰিবলৈ হাৰিয়াৰ আশ্ৰয় লয় আৰু সাত নম্বৰৰ সন্ধানত গাঁৱে গাঁৱে ঘূৰি ফুৰিবলৈ ধৰে।

মানসিক অস্থিৰ অৱস্থাত তাই বাগানৰ কৰ্মকৰ্তা, ইউনিয়নৰ নেতা আদি মুঠ সাতজনক নিজৰ জীৱনৰ অন্তহীন দুৰ্যোগৰ বাবে দায়ী বুলি ভাৱে। তাই বেজৰ ওচৰলৈ গৈ তন্ত্ৰ-মন্ত্ৰেৰে এওঁলোকক শাস্তি দিবলৈ অনুৰোধ কৰে। ছয়জন শত্ৰুৰ নাম তাই কয়, কিন্তু সাত নম্বৰ শত্ৰুজনৰ নাম কোনোমতেই মনত পেলাব নোৱাৰে। গাঁৱে গাঁৱে ঘূৰি সেই সাত নম্বৰজনক বিচৰাই তাইৰ জীৱনৰ লক্ষ্য হৈ পৰে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Abdul Majid

নিৰ্মাণ Production

জেহিৰুল হুছেইনৰ একে নামৰ গল্পৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য পৰিচালক আব্দুল মজিদে নিজেই ৰচনা কৰিছে। মুখ্য ভূমিকাত অভিনয় কৰিছে মিতালী ৰয় আৰু ৰাগ ঐনিতমে।

কলা-কুশলীৰ ভিতৰত মুখ্য সহকাৰী নিৰ্দেশক নচিমুল মজিদ, কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, শব্দযন্ত্ৰী দীপক দত্ত, কষ্টিউম ডিজাইনাৰ চাহনাজ চুলতানা আৰু মেক-আপ শিল্পী অসীম বোথ্ৰা।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Abdul Majid

Also from 2016