পাপ আৰু প্ৰায়শ্চিত্ত

Paap aru Praischitta

পাপ আৰু প্ৰায়শ্চিত্ত ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া ছবি। ইয়াৰ পৰিচালক আনোৱাৰ হুছেইন আৰু সংগীত জীতেন বৰুৱাৰ। ১৯৭০ চনত ধুবুৰীত ঘটা এক লোমহৰ্ষক হত্যাকাণ্ডৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Paap aru Praischitta online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

এজন বিচাৰকে জীৱনত কেতিয়াও কাকো ফাঁচীৰ আদেশ দিয়া নাছিল। পত্নী আৰু তিনিজনী জীয়ৰীৰ সৈতে তেওঁৰ এখন সুখৰ সংসাৰ। এদিন তেওঁ গম পায় যে সন্তান জন্ম দিয়াৰ ক্ষমতা তেওঁৰ নাই। তেন্তে তিনিজনী জীয়ৰীৰ জন্ম হ’ল কেনেকৈ? এটা এটাকৈ পত্নীৰ দুশ্চৰিত্ৰতাৰ কথা তেওঁৰ চকুত ধৰা পৰে।

সহজ-সৰল মানুহজন প্ৰতিশোধপৰায়ণ হৈ পৰে আৰু এক কঠোৰ সিদ্ধান্ত লয়। সংগোপনে তেওঁ পত্নী আৰু তিনিওজনী জীয়েকক হত্যা কৰে। কিন্তু পাপ লুকাই নাথাকে। তেওঁ আৰক্ষীৰ হাতত ধৰা পৰে, বিচাৰ চলে আৰু অৱশেষত তেওঁক ফাঁচীৰ হুকুম শুনোৱা হয়।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Anowar Hussain, Anuwar Hussain
Music director
Ramen Choudhury

নিৰ্মাণ Production

ছবিখন ১৯৭০ চনত ধুবুৰীত ঘটা এক হত্যাকাণ্ডৰ আধাৰত নিৰ্মিত। অবিভক্ত গোৱালপাৰা জিলাৰ সদ্য অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাই নিজৰ পত্নী আৰু তিনিজনী গাভৰু জীয়েকক হত্যা কৰি গাঁত খান্দি পুতি থৈছিল। পিছত তেওঁ আৰক্ষীৰ হাতত ধৰা পৰে আৰু আদালতে তেওঁক ফাঁচীৰ হুকুম দিয়ে।

পৰিচালনা আনোৱাৰ হুছেইনৰ। অভিনয়ত আছিল পবিত্ৰ বৰকটকী, তচদ্দুক ইউছুফ, নিবেদিতা শৰ্মা আদি। সংগীত পৰিচালনা জীতেন বৰুৱাৰ আৰু কণ্ঠদান কৰিছে ভাস্কৰ দাস, কুল বৰুৱা আৰু মৃদুলা দেৱান দাসে।

জানেনে? Trivia

  • The film dramatises the Rajkhowa murder case of 1970 in Dhubri.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Anowar Hussain & Anuwar Hussain

Also from 1977