যুগান্তৰৰ তেজাল পুৱা

Jugantoror Tejal Puwa
Directed by Jones Mahalia

যুগান্তৰৰ তেজাল পুৱা ২০০০ চনত মুক্তি পোৱা এখন অসমীয়া ছবি। স্বপ্না ফিল্মছৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছে জনছ মহলীয়াই। তেতিয়াৰ অসমৰ উগ্ৰপন্থী সমস্যাৰ কিছু প্ৰভাৱ ইয়াৰ কাহিনীত দেখা যায়। পূৰ্বৰ সফল ছবিবোৰৰ বিপৰীতে এই ছবিখনে বক্স অফিচত সফলতা লাভ কৰা নাছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Jugantoror Tejal Puwa online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

যুব সাংবাদিক অজয়ৰ হত্যাৰে ছবিখনৰ আৰম্ভণি হয়। অজয়ৰ হাতত এটা গোপন ফাইল আছিল, য’ত খলনায়ক ধৰণী চৌধুৰীৰ কুকীৰ্তিৰ প্ৰমাণ আছিল। চৌধুৰী যথেষ্ট প্ৰভাৱশালী, পুলিচ আৰু ৰাজনৈতিক নেতাসকলৰ সৈতে তেওঁৰ ভাল সম্পৰ্ক। তেওঁ অজয়ক হত্যা কৰে যদিও ফাইলটো উদ্ধাৰ কৰিব নোৱাৰে, আৰু ভাবে যে ফাইলটো ক’ত আছে অজয়ৰ বন্ধু গৌৰৱে জানে।

ফাইলটো উদ্ধাৰ কৰিবলৈ চৌধুৰীয়ে নানা কূটকৌশল আৰম্ভ কৰে। তেওঁৰ বিৰুদ্ধে অহৰহ লিখি থকা কাকতৰ সম্পাদক প্ৰকাশ দত্তকো হত্যা কৰা হয়, আৰু গৌৰৱকো হত্যাৰ পৰিকল্পনা কৰা হয়। গৌৰৱ আৰু কিছুমান বিদ্ৰোহী যুৱকে চৌধুৰীৰ অপকৰ্মৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়ে। গৌৰৱক ভাল পোৱা চৌধুৰীৰ জীয়ৰী ময়ূৰীয়েও দেউতাকৰ বিৰুদ্ধে অৱস্থান লয়। শেষত চৌধুৰীৰ নিজৰ পত্নীয়ে তেওঁক গুলীয়াই হত্যা কৰে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Jones Mahalia
Music director
Debajit Choudhury

নিৰ্মাণ Production

ছবিখন স্বপ্না ফিল্মছৰ বেনাৰত নিৰ্মিত। পৰিচালনা জনছ মহলীয়াৰ, আৰু প্ৰযোজনা স্বপ্না শইকীয়া আৰু অনুপ খাণ্ডেলিয়াৰ। চিত্ৰনাট্য আৰু সংলাপ লিখিছে মুকুট মণি শইকীয়া আৰু জনছ মহলীয়াই। সংগীত দেৱজিত চৌধুৰীৰ আৰু গীত ৰচনা অপূৰ্বজ্যোতি ভূঞাৰ। কণ্ঠ দিছে শান্তা উজীৰ, দিলীপ চৌধুৰী, দেৱজিত চৌধুৰী, অৰ্পণা চৌধুৰী, ঋতু বিকাশ, চেমিমা বেগম আৰু পুলক বেনাৰ্জীয়ে।

সমালোচনা Reception

জনছ মহলীয়াই পূৰ্বে পৰিচালনা কৰা দূৰণীৰ ৰং আৰু বহাগৰ দুপৰীয়াই বক্স অফিচত সফলতা লাভ কৰিছিল, কিন্তু যুগান্তৰৰ তেজাল পুৱাই বক্স অফিচত ভাল ফল কৰিব পৰা নাছিল।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Jones Mahalia

Also from 2000