ক'ত চাব Where to watch
We don't know of a legal way to watch Chikmik Bijuli online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
বিজুলী এজন ৱিড়িৱালাৰ জীয়ৰী। গুৱাহাটীৰ ফাঁচীবজাৰ এলেকাত ৰহস্যময়ীৰ দৰে ঘূৰি ফুৰা ছোৱালীজনী নাচে-গানে পাকৈত। এদিন সত্ৰীয়া নাচ শিকি সেই নাচৰ স্কুলতে শিকাৰুক নাচ শিকাবলৈ লয়। তাতে আপত্তি উঠে: ৱিড়িৱালাৰ লগত পথে-ঘাটে বিড়ি কেনভাচিং কৰি ফুৰা ছোৱালীয়ে সত্ৰীয়া নাচ কেনেকৈ শিকাব? বিজুলী অপমানিত হয় আৰু নাচৰ স্কুল বন্ধ হৈ যায়।
চহৰৰ বিখ্যাত ব্যৱসায়ী আৰু পক্ষীৰাজ বিড়ি কোম্পানীৰ মালিক কেশ মহাজন আৰু তেওঁৰ ঘাই পৰিচালক বনমালী শইকীয়াই কৌশলেৰে বিজুলীক কোম্পানীৰ প্ৰচাৰৰ অজুহাতত লৈ আহে। তাইক চহৰৰ এক বদনামী অঞ্চলত থাকিবলৈ দিয়া হয়, য’ত তাইৰ সঙ্গী হয় বিধবা আজলী আৰু তেওঁৰ পুত্ৰ ভাইটি। হৰজিত সিঙৰ গেৰেজত মেকানিকৰ কাম কৰা প্ৰশান্তই বিজুলীক ভাল পাই বিয়াৰ প্ৰস্তাৱ দিয়ে। কিন্তু কেশ মহাজন আৰু বনমালী শইকীয়াই বিয়াত বাধা দিয়ে, কাৰণ তেওঁলোকৰ উদ্দেশ্য আছিল বেলেগ।
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Bhupen Hazarika
- Music director
- Bhupen Hazarika
নিৰ্মাণ Production
ছবিখনৰ পৰিচালনাৰ লগতে কাহিনী, চিত্ৰনাট্য, সংগীত আৰু গীত ভূপেন হাজৰিকাই ৰচনা কৰিছিল। ৰাজশ্ৰী প্ৰডাকচনৰ তাৰাচান্দ বৰজাত্য আৰু কামৰূপ চিত্ৰৰ ভূপেন হাজৰিকাই যৌথভাৱে ছবিখন প্ৰযোজনা কৰিছিল।
ছবিৰ গীতৰ লং প্লেয়িং ৰেকৰ্ড উলিওৱা হৈছিল। ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ লগতে বলীউদৰ কণ্ঠশিল্পী কিশোৰ কুমাৰ, মুকেশ, আশা ভোঁচলে আৰু সুমন কল্যাণপুৰেও ইয়াত গীত গাইছিল।
Filming locations
- Guwahati - the Fancy Bazaar area is where the story unfolds
সমালোচনা Reception
উত্তৰাধিকাৰ
লং প্লেয়িং ৰেকৰ্ডত গীত প্ৰকাশ পোৱা প্ৰথম অসমীয়া ছবি হিচাপে চিকমিক বিজুলী অসমীয়া চলচ্চিত্ৰৰ সংগীত-ইতিহাসত এক উল্লেখযোগ্য মাইলফলক।
জানেনে? Trivia
- It was the first Assamese film to release its songs on an LP record.
- Hindi film actors, and Bollywood singers such as Kishore Kumar and Asha Bhosle, took part.
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.
