বিদুৰভাই

Bidurbhai

বিদুৰভাই ২০২৪ চনত মুক্তি পোৱা সুব্ৰত কাকতি পৰিচালিত এখন অসমীয়া কমেডি-ড্ৰামা, যিখন ২০২১ চনৰ একে নামৰ ৱেব ছিৰিজৰ পৰিৱৰ্ধিত চিনেমেটিক উপস্থাপন। ২০২৪ চনৰ ১৯ জুলাইত মুক্তি পোৱা ছবিখনে কেইদিনমানৰ ভিতৰতে ৫ কোটিতকৈ অধিক ব্যৱসায় কৰে। ছবিৰ কিছু সংলাপৰ বিৰুদ্ধে ৰাজ্যিক ট্ৰান্সজেণ্ডাৰ কল্যাণ ব'ৰ্ডে আপত্তি দৰ্শায়।

ক'ত চাব Where to watch

We don't know of a legal way to watch Bidurbhai online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

২০২১ চনৰ ৱেব ছিৰিজৰ পৰৱৰ্তী পৰ্যায়ৰ কাহিনীটোকে ছবিখনে অনুসৰণ কৰে। সাঁচি গছ বিক্ৰী কৰি সহজে ধন পোৱা চাৰিজন বন্ধু দীপ, বলিন, নিতু আৰু উজ্জ্বলৰ পৰৱৰ্তী জীৱন ইয়াত দেখুওৱা হৈছে। সঠিক জীৱিকা আৰু পৰ্যাপ্ত ধন, এই দুটা লক্ষ্য লৈ তেওঁলোকে নতুন পৰিকল্পনা এটা কৰে আৰু স্থানীয় বিধায়কৰ ওচৰ চাপে। কাহিনীয়ে এক নতুন মোৰ লয় আৰু তেওঁলোকৰ পৰিকল্পনাও সলাবলগীয়া হয়। চৰকাৰী স্বাস্থ্য খণ্ডৰ লগতে একাধিক খণ্ডৰ দুৰ্বল দিশ উন্মোচন কৰিবলৈ কাহিনীটোৱে চেষ্টা কৰে।

নিৰ্মাণ Production

অভিনয়ত আছে ত্ৰৈলোক্য বৰুৱা (দীপ), বলিন বৰা (বলিন), নিতু খনিকৰ (নিতু), উজ্জ্বল ৰাজখোৱা (উজ্জ্বল), চুমকি কছাৰী (কুসুম), উদ্দীপনা বৰা (পূৰ্ণিমা), হীৰক জ্যোতি বৰদলৈ (ডায়মণ্ড চলিহা), শৰ্মিষ্ঠা দাস (মিনতি), পংকজ মহন্ত (পৱন বৰদলৈ) আৰু স্নিগ্ধা ফুকন (গীতালি)। কলা নিৰ্দেশনা মণ্টু গোঁহাইৰ, সাজ-সজ্জা জুৰি কলিতাৰ, ৰূপসজ্জা ৰূপজ্যোতি দত্ত আৰু বিজিয়েতা পাটগিৰিৰ আৰু ভিজুৱেল এফেক্টছ মুকথাং মাছাহাৰীৰ।

সংগীত পৰিচালনা আৰু সুৰ প্ৰণয় দত্তৰ। গীতসমূহ গাইছে প্ৰণয় দত্ত, আচুৰ্য বৰপাত্ৰ আৰু দীক্ষুৱে।

সমালোচনা Reception

২০২৪ চনৰ ১৯ জুলাইত অসমৰ অধিকাংশ ছবিগৃহত মুক্তি পোৱা ছবিখনে প্ৰথম দিনা ১৭৯টা দৰ্শনী লাভ কৰে আৰু প্ৰথম তিনিদিনত ১.২৪ কোটি টকা উপাৰ্জন কৰে। পিছত বেংগালুৰুকে ধৰি বাহিৰৰ কেইখনমান চহৰত মুক্তি পোৱাত দেশজুৰি ইয়াৰ ২৪৯টা দৰ্শনী হয়।

ছবিৰ কিছু সংলাপৰ বিৰুদ্ধে অসম ৰাজ্যিক ট্ৰান্সজেণ্ডাৰ কল্যাণ ব'ৰ্ডৰ সহযোগী উপাধ্যক্ষই আপত্তি দৰ্শায়।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2024