ক'ত চাব Where to watch
We don't know of a legal way to watch Aparajeyo online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
সত্ৰনগৰী বৰপেটাৰ পটভূমিত ৰচিত কাহিনীটোত পূৰ্ববঙ্গৰ এজনী ভগনীয়া ছোৱালী আৰু বৰপেটাৰ এজন ডেকাৰ প্ৰেম দেখুৱোৱা হৈছে। বিভিন্ন সংস্কাৰে ভৰা সমাজখনৰ বাধা-বিপত্তি অতিক্ৰম কৰি তেওঁলোকে নিজৰ লক্ষ্যস্থানত উপনীত হ'বলৈ চেষ্টা কৰে।
বৰপেটাৰ প্ৰসিদ্ধ নাওখেলে কাহিনীৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লয়। ভগনীয়া ছোৱালীজনীৰ ভূমিকাত ৰাখী, ডেকাজনৰ ভূমিকাত নৱাগত প্ৰশান্ত হাজৰিকা আৰু আন এটা মুখ্য ভূমিকাত পৰাগধৰ চলিহাই অভিনয় কৰিছিল।
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Atul Bordoloi, Gauri Barman, Munin Bayon, Phani Talukdar
- Music director
- Salil Choudhury
নিৰ্মাণ Production
ছবিখন 'চতুৰঙ্গ' নামেৰে চাৰিজন পৰিচালকে পৰিচালনা কৰিছিল: ফণী তালুকদাৰ, অতুল বৰদলৈ, গৌৰী বৰ্মন আৰু মুনীন বায়ন। ফণী তালুকদাৰৰ 'মোৰে মলুৱা' নামৰ অনাতাঁৰ নাটকৰ আধাৰত অতুল বৰদলৈয়ে চিত্ৰনাট্য ৰচনা কৰিছিল। সংগীত পৰিচালনা কৰিছিল সলিল চৌধুৰীয়ে।
বাহিৰৰ দৃশ্য বৰপেটা সত্ৰ, মানাহ, উজনি অসমৰ চাহ বাগিছা আৰু উত্তৰ গুৱাহাটীৰ ওচৰৰ গাঁৱত গ্ৰহণ কৰা হৈছিল। ছবিখনত বৰপেটাৰ নাওখেলৰ দৃশ্য আৰু বলিউডৰ নৃত্যশিল্পী লক্ষীছায়াৰ এটি নৃত্য আছে। সেই নৃত্যৰ দৃশ্যগ্ৰহণ আৰু ৰাখীৰ ওঁঠত দিয়া লতা মঙ্গেশকাৰৰ গীতৰ বাণীবদ্ধন মুম্বাইৰ ষ্টুডিঅ'ত কৰা হৈছিল।
Filming locations
- Barpeta Satra - outdoor scenes and the setting of the story
- Manas - outdoor scenes
- Tea gardens of Upper Assam - outdoor scenes
- Villages near North Guwahati - outdoor scenes
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.
