আদালত

Adalat
Directed by Dilip Deka

আদালত ১৯৭৬ চনত মুক্তি পোৱা দিলীপ ডেকাৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰ এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ডকাইতৰ জীৱনৰ আধাৰত নিৰ্মিত এই বিষয়ৰ প্ৰথম অসমীয়া ছবি, আৰু যথেষ্ট হিন্দী সংলাপ থকা প্ৰথম অসমীয়া ছবিও এইখন।

ক'ত চাব Where to watch

We don't know of a legal way to watch Adalat online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

এদিন নিশা ডকাইত বাদল সত্য দুৱৰাক হত্যা কৰিবলৈ তেওঁৰ ঘৰত সোমায়। কিন্তু এটা শিশু দেখি দুৱৰাক হত্যা নকৰি শিশুটোক অপহৰণ কৰি লৈ যায়। শিশুটোক বন্দুক মৰা, ঘোঁৰাত উঠা আদি সকলো শিকোৱা হয়। ডাঙৰ হৈ সি ইন্দ্ৰজিত হয়, দুখীয়া-নিচলাৰ ত্ৰাণকৰ্তা।

এদিন হঠাতে ভূপেন্দ্ৰ চৌধুৰীৰ সৈতে বাদলৰ দেখা হয়। পূৰ্বৰ শত্ৰুতা থকা চৌধুৰীক দেখি বাদলৰ মনত প্ৰতিশোধৰ জুই জ্বলি উঠে। চৌধুৰীৰ একমাত্ৰ জীয়েক ৰূপা; বাদলে ভাবে ৰূপাই চৌধুৰীক বশ কৰাৰ একমাত্ৰ উপায়। পিছলৈ সত্য দুৱৰাৰো এজনী ছোৱালী হয়, ৰীতা, আৰু ৰূপা তাইৰ কলেজীয়া বান্ধৱী। বেৰিষ্টাৰ হাজৰিকাই তেওঁৰ ওকালতিৰ সহযোগী পুতেক বিমলৰ বাবে ৰীতাক বোৱাৰী কৰি নিম বুলি আঙুঠি পিন্ধাই থয়।

আঙুঠি পিন্ধোৱা ৰাতি ৰীতা ঘৰত আছিলনে, ৰীতা আৰু বিমলৰ বিয়া হ'লনে, বাদলৰ প্ৰকৃত পৰিচয় কি, কিয় তেওঁ সত্য দুৱৰাক হত্যা কৰিবলৈ গৈ শিশুটোক অপহৰণ কৰি আনিলে, ভূপেন্দ্ৰ চৌধুৰীৰ সৈতে তেওঁৰ সম্পৰ্ক কি, এনে ৰহস্যঘন বিষয়েৰে ছবিখনৰ কাহিনী গঢ় লৈছে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Dilip Deka
Music director
Jitu-Tapan

নিৰ্মাণ Production

লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা দিলীপ ডেকাৰ, উপদেষ্টা স্যামা মেধী। মুখ্য ভূমিকাত অভিনয় কৰিছে জৰ্জ বেকাৰ, দীনেশ দাস আৰু অনুপমা ভট্টাচাৰ্যই। সংগীত জীতু-তপনৰ, গীতৰ সংখ্যা ছটা, আৰু গীত লিখিছে নুৰুল হক, দৰ্পনাথ শৰ্মা আৰু নৱকান্ত বৰুৱাই।

ডকাইতৰ জীৱনৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবি এইখন, আৰু ইয়াত যথেষ্ট হিন্দী সংলাপ সংযোজন কৰা হৈছিল, যাৰ বাবে সেই দিশতো ই প্ৰথম। ছবিখন ১৯৭৬ চনৰ ১০ ডিচেম্বৰত মুক্তি পায়।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 1976