সন্তান

Santaan

সন্তান (১৯৭৪) লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত আৰু অমৰ পাঠক পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঠিক পথ-নিৰ্দেশনাৰ অভাৱ আৰু অনিশ্চিত ভৱিষ্যতে অস্থিৰ কৰি তোলা এচাম যুৱকৰ কাহিনী ইয়াত বৰ্ণনা কৰা হৈছে। অভিনয় কৰিছে ইভা আসাও আৰু নিপন গোস্বামীয়ে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Santaan online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

ছবিখনত সঠিক নিৰ্দেশনাৰ অভাৱ আৰু অনিশ্চিত ভৱিষ্যতে অস্থিৰ কৰি তোলা যুৱসমাজৰ চিত্ৰ তুলি ধৰা হৈছে। সন্তানসকলক উপযুক্ত নাগৰিক কৰি গঢ়ি তুলিবলৈ সুস্থ অৰ্থনৈতিক আৰু সামাজিক পৰিবেশৰ প্ৰয়োজন, আৰু সেই পৰিবেশ গঢ়াত সকলোৰে কম-বেছি দায়িত্ব আছে বুলি ছবিখনে কয়।

বিধৱা ললিতাই মাতৃস্নেহৰ শক্তিৰে জীৱন, বিনয়হঁতৰ মানসিক বিভ্ৰান্তি দূৰ কৰিবলৈ চেষ্টা কৰে। তেওঁ সিহঁতক নিজহাতে শ্ৰম কৰি নতুন সমাজ গঢ়িবলৈ আহ্বান জনায়।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

নিৰ্মাণ Production

ছবিখন লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত আৰু অমৰ পাঠকে পৰিচালনা কৰিছিল। সংলাপো তেওঁৰেই। শব্দগ্ৰহণত আছিল অৱনী চেতাৰ্জী, সৰোজ ইটালীয়া আৰু কালি দাস। সঙ্গীত পৰিচালনা প্ৰভাত শৰ্মাৰ, আৰু এইখনেই তেওঁৰ প্ৰথম মুক্তি পোৱা ছবি। ইয়াৰ আগতে অচ্যুত লহকৰৰ ব্লেকমানি ছবিত তেওঁ সঙ্গীত দিছিল যদিও সেইখন মুক্তি পোৱা নাছিল।

জানেনে? Trivia

  • Santaan was Prabhat Sharma's first released film as a music director.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 1974