ক'ত চাব Where to watch
We don't know of a legal way to watch Sangram online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
এগৰাকী দৰিদ্ৰ বিধৱা, এহাল ল'ৰা-ছোৱালীৰ মাক। এসময়ত তেওঁ যথেষ্ট অৱস্থাপন্ন আছিল, কিন্তু সময়ৰ পাকচক্ৰত আৰ্থিক অনাতনত পৰিল। তথাপি কষ্ট কৰি তেওঁ পুত্ৰ ৰঞ্জিতক কলেজত পঢ়ুৱালে। ১৯৫০ৰ বৰভূঁইকঁপে অসমৰ নদ-নদী সলনি কৰাৰ দৰে আধুনিক সভ্যতাৰ ধুমুহায়ো সমাজখনৰ নৈতিকতা আৰু স্বভাৱ-চৰিত্ৰ সলনি কৰি পেলালে।
মাক-ভনীয়েকৰ ভৰণ-পোষণৰ বাবে ৰঞ্জিতে পঢ়া এৰিব লগা হ'ল। নতুন সভ্যতাৰ সোৱাদ পোৱা বন্ধুবৰ্গই তেওঁক যিকোনো উপায়েৰে ধন ঘটিবলৈ পৰামৰ্শ দিলে, কিন্তু ৰঞ্জিতৰ বিবেকে অনৈতিক পথ গ্ৰহণ কৰিবলৈ নিদিলে। চাহ বাগিছাৰ মালিকৰ জীয়েক নিৰুপমা বৰুৱা তেওঁৰ প্ৰতি আকৃষ্ট হ'ল আৰু দেউতাকৰ ধনেৰে উচ্চশিক্ষাৰ খৰচ যোগাবলৈ আগবাঢ়ি আহিল। ৰঞ্জিতে সেই উপযাচি দিয়া অনুগ্ৰহ গ্ৰহণ নকৰিলে। উপেক্ষিতা নাৰীৰ অন্তৰত প্ৰতিশোধৰ বাসনা জাগি উঠিল, আৰু ৰঞ্জিতে তাইৰ দেউতাকৰ বাগিছাত সহকাৰী মেনেজাৰ হিচাপে চাকৰিত সোমোৱাত তাই সেই বাসনা পূৰণ কৰাৰ সুযোগ পালে।
ৰঞ্জিতৰ সততা আৰু কৰ্মদক্ষতাত নিৰুৰ দেউতাক মুগ্ধ হ'ল; তেওঁ ভাবিলে নিৰুৰ বাবে ৰঞ্জিতেই উপযুক্ত পাত্ৰ। কিন্তু চাকৰিত সততা বজাই ৰাখিবলৈ গৈ ৰঞ্জিত বহুতৰে শত্ৰু হ'ল, আৰু তেওঁৰ বিৰুদ্ধে চলা ষড়যন্ত্ৰত তেওঁ বিধ্বস্ত হৈ পৰিল। অপমানিতা নিৰুয়ে তেওঁক সহায়ৰ হাত নবঢ়োৱাৰ সিদ্ধান্ত ল'লে, যদিও অৱচেতন মনত তেওঁৰ প্ৰতি তাইৰ প্ৰেম তেতিয়াও অটুট আছিল। প্ৰতিকূল পৰিস্থিতিৰ বিৰুদ্ধে ৰঞ্জিতৰ যুঁজ চলি থাকিল।
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Amar Pathak
- Music director
- Asit Ganguly
নিৰ্মাণ Production
নিপন গোস্বামী তেতিয়া পুণেৰ ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউটৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী। হঠাতে পৰিচালক অমৰ পাঠকৰ পৰা এখন চিঠি পাই তেওঁ ছবিৰ মূল ভূমিকাত অভিনয় কৰিবলৈ প্ৰস্তাৱ পায় আৰু শ্বুটিঙত অংশ ল'বলৈ কলিকতালৈ যায়। নায়কৰূপে এইখন তেওঁৰ প্ৰথম ছবি; আনটো মুখ্য ভূমিকাত আছিল বিদ্যা ৰাও।
সংলাপ অমৰ পাঠকৰ। অপাৰেটিং কেমেৰামেন শঙ্কৰ বেনাৰ্জী, শব্দগ্ৰহণ জে ডি ইৰাণী আৰু শ্যাম সুন্দৰ ঘোষৰ, কলা নিৰ্দেশনা সঞ্জিত সেনৰ।
সংগীত পৰিচালনা কৰিছে অসিত গাঙ্গুলী আৰু গিৰিশ দাসে; গীত লিখিছে অমৰ পাঠক, অসিত গাঙ্গুলী আৰু গিৰিশ দাসে। ছবিখনত শঙ্কৰদেৱ ৰচিত এটা বৰগীত আৰু এটা হিন্দী গীতো অন্তৰ্ভুক্ত কৰা হৈছে।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.