পাগলী

Paglee
Directed by Rupjyoti Bora

পাগলী ২০১৬ চনত মুক্তি পোৱা একশ্বন, ৰোমাঞ্চ আৰু ট্ৰেজেডিধৰ্মী অসমীয়া ছবি। ৰূপজ্যোতি বৰাই ছবিখন পৰিচালনা কৰাৰ উপৰি কাহিনী আৰু চিত্ৰনাট্যও ৰচনা কৰিছে। মুখ্য ভূমিকাত আছে নয়ন নিৰ্বাণ বৰুৱা আৰু প্ৰস্তুতি পৰাশৰ। ৰিমঝিম ফিল্মছে ছবিখন প্ৰযোজনা আৰু বিতৰণ কৰিছে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Paglee online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

এজনী সহজ-সৰল গাঁৱলীয়া ছোৱালীয়ে ঘটনাৰ পাকচক্ৰত পৰি অদ্ভুত আচৰণ কৰিবলগীয়া হোৱাটোৱেই ছবিখনৰ কাহিনীৰ মূল ভাগ। দুটা পৃথক গেটআপত নায়িকাৰ ভূমিকাত অভিনয় কৰিছে প্ৰস্তুতি পৰাশৰে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Rupjyoti Bora

নিৰ্মাণ Production

ৰূপজ্যোতি বৰাই ছবিখন পৰিচালনা কৰাৰ লগতে কাহিনী আৰু চিত্ৰনাট্য লিখিছে। প্ৰযোজনা কৰিছে প্ৰেমা দত্ত, বিশ্বেশ্বৰ দত্ত আৰু নিপ কোঁৱৰে। সহ প্ৰযোজক বীৰেন্দ্ৰ কুমাৰ দাস আৰু উদয় গগৈ। ছবিৰ নামৰ ইংৰাজী অৰ্থ হ’ল Mental।

গীতৰ সংগীত অৰূপ দত্তৰ আৰু আবহ সংগীত অনুৰাগ শইকীয়াৰ। গীত লিখিছে স্পন্দন, অনুপম শইকীয়া আৰু অজয় ফুকনে। নেপথ্যত কণ্ঠ দিছে জুবিন গাৰ্গ, কল্পনা পাটোৱাৰী, প্ৰিয়ংকা ভৰালী আৰু ৰোহিত সোণাৰে। নৃত্য নিৰ্দেশনা অসীম বৈশ্য আৰু ৰূপজ্যোতি বৰাৰ।

মুখ্য শিল্পীসকলৰ বাহিৰেও অভিনয় কৰিছে পৱিত্ৰপ্ৰাণ বৰা, প্ৰদীপ নিশীথ, ৰমেন তামুলী, অসীম বৈশ্য, ধ্ৰুৱ, বিশাল, কবিতা দুৱৰা আৰু লিজা নন্দিনীয়ে।

জানেনে? Trivia

  • Prastuti Parashar appears in two different looks as the heroine.

Sources

  1. Wikidata, Wikimedia Foundation
  2. Wikipedia (English), Wikimedia Foundation
  3. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2016