জীৱন সুৰভি

Jeewan Suravee

জীৱন সুৰভি ১৯৮৪ চনৰ এখন ৰঙীন অসমীয়া ড্ৰামা, আৰু প্ৰথম অসমীয়া ফিল্মস্কোপ ছবি। বলীউডী ছবিৰ পৰিচালক নৰেশ কুমাৰে ইয়াক পৰিচালনা কৰে, আৰু মুখ্য চৰিত্ৰত আছে নিপন গোস্বামী আৰু বিদ্যা ৰাৱ।

ক'ত চাব Where to watch

We don't know of a legal way to watch Jeewan Suravee online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

জীৱন কোম্পানীৰ ট্ৰাক ড্ৰাইভাৰ। সংসাৰৰ প্ৰতি বিৰাগ ওপজি ট্ৰাকৰ তলত আত্মহত্যা কৰিবলৈ অহা সুৰভিক তেওঁ বচায় আৰু সংসাৰ পাতে। সততাৰ বাবে তেওঁ পদোন্নতি পায় আৰু তেওঁলোকৰ ল’ৰা ৰূপমৰ জন্ম হয়। কিন্তু সংগদোষত জীৱনে সুৰা খাবলৈ ধৰে, আৰু তেওঁৰ হাতত এজনৰ মৃত্যু হোৱাত কাৰাবাস খাটিব লগা হয়।

সৎ আচৰণৰ বাবে ছমাহ আগতে মুক্তি পাই তেওঁ গম পায় যে সুৰভি এখন মহাবিদ্যালয়ৰ শিক্ষয়ত্ৰী। অতীত প্ৰকাশ নাপায় তাৰ বাবে পৰিচয় লুকুৱাই তেওঁ সেই মহাবিদ্যালয়তে মালিৰ কাম লয়। ৰূপমে অধ্যক্ষৰ জীয়েক সংগীতাক ভাল পায়, দুয়ো ঘৰৰ সন্মতিত বাকদান হয়। সংগীতাক অসৎ ব্যৱহাৰ কৰাত বহিষ্কাৰ হোৱা ছাত্ৰ ৰাজেনে প্ৰতিশোধ লবলৈ তাইক অপহৰণ কৰে। ৰূপমে দেউতাক জীৱনৰ সহায়ত সংগীতাক উদ্ধাৰ কৰে আৰু শেষত জীৱন আৰু সুৰভিৰ মিলন হয়।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

নিৰ্মাণ Production

এক সপেৰা এক লুটেৰা (১৯৬৫), আগ (১৯৬৭), টাংগেৱালা (১৯৭২), দো জাচুচ (১৯৭৫) আৰু গোপীচান্দ জাচুচ (১৯৮২) আদি বলীউডী ছবিৰ পৰিচালক নৰেশ কুমাৰে এই ছবিখন পৰিচালনা কৰে। মূল চৰিত্ৰত নিপন গোস্বামী আৰু বিদ্যা ৰাৱে অভিনয় কৰে।

সংগীত পৰিচালনা ভূপেন উজীৰৰ আৰু গীত হেমন্ত দত্তৰ।

সমালোচনা Reception

উত্তৰাধিকাৰ

ছবিখনক প্ৰথম অসমীয়া ফিল্মস্কোপ ছবি বুলি গণ্য কৰা হয়।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 1984