ইটো সিটো বহুতো

Ito Sito Bahuto
Directed by Brajen Baruah

ইটো সিটো বহুতো ১৯৬৩ চনৰ ২২ নৱেম্বৰত মুক্তি পোৱা, প্ৰথম অসমীয়া পূৰ্ণাঙ্গ হাস্যৰসাত্মক কথাছবি। এটা বিদেশী গল্পৰ আধাৰত ব্ৰজেন বৰুৱাই ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য আৰু সংগীত কৰে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Ito Sito Bahuto online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

মোহন চলিহা অৱসৰপ্ৰাপ্ত মেজৰ, সকলো কথাতে মিলিটেৰী মেজাজ, খং উঠিলে সকলো পাহৰি যায়। তেওঁৰ পুত্ৰ বিমানে গুৱাহাটীত পঢ়ে আৰু তিনিজন বন্ধুৰ সৈতে বিধৱা মিচেচ গুপ্তাৰ ঘৰত মেচ কৰি থাকে। দেউতাকৰ এই দুৰ্বলতাৰ সুযোগ লৈ বিমানে মাহে দুবাৰ টকা আনি বন্ধুৰ লগত ফুৰ্টি কৰে, আৰু সিহঁতক শাসন কৰোঁতে মিচেচ গুপ্তা অতিষ্ঠ হয়।

পুতেকৰ চতুৰালি ধৰা পৰিলে মেজৰ চলিহা মিচেচ গুপ্তাৰ ঘৰত উপস্থিত হয়, আৰু মাজতে এগৰাকী গাভৰু আহি পৰে। ঘটনাৰ গতিত মেজৰ, মিচেচ গুপ্তা, চাৰিজন ল’ৰা আৰু গাভৰুগৰাকী থানা পালেগৈ।

ঘৰত থাকে ৰান্ধনী কাচনমতী, মেজৰৰ ভৃত্য পাইলট আৰু এটা হাতুৰী। হাতুৰীটোৱে নানা ঘটনা ঘটাই কাহিনীত উখল মাখল লগায় আৰু শেষত সকলো সমস্যাৰ সমাধান কৰে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Brajen Baruah
Music director
Brajen Baruah

নিৰ্মাণ Production

ব্ৰজেন বৰুৱাই পৰিচালনা, চিত্ৰনাট্য আৰু সংগীত কৰে। জে পি চিনে আৰ্টৰ বেনাৰত ছবিখন প্ৰযোজনা কৰে পৰিচালকৰ মাতৃ জোনপ্ৰভা বৰুৱানীয়ে। কাহিনী এটা বিদেশী গল্পৰ আধাৰত ৰচিত।

সমালোচনা Reception

উত্তৰাধিকাৰ

ছবিখনক প্ৰথম অসমীয়া পূৰ্ণাঙ্গ হাস্যৰসাত্মক কথাছবি বুলি গণ্য কৰা হয়।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Brajen Baruah

Also from 1963