অদম্য

Adomya
Directed by Bobby Sarma Baruah

অদম্য ২০১৪ চনৰ এখন অসমীয়া চলচ্চিত্ৰ, যাৰ পৰিচালক ববী শৰ্মা বৰুৱা। এইচ আই ভি এইড্‌ছ ৰোগ আৰু আক্ৰান্তসকলৰ প্ৰতি সমাজৰ আচৰণক বিষয়বস্তু হিচাপে লোৱা এই ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী বৰাই। ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে Spiritual শাখাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Adomya online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

গাঁৱৰ ছোৱালী জুৰি (প্ৰণামী বৰা)ৰ বিয়া হয় এজন অভিযন্তাৰ লগত। বিয়াৰ ছমাহ পাছতে স্বামীয়ে এইচ আই ভি এইড্‌ছ ৰোগত মৃত্যুবৰণ কৰে। তেতিয়া জুৰি গৰ্ভৱতী আছিল, আৰু স্বাস্থ্য পৰীক্ষাত তেওঁৰ দেহতো ৰোগটো ধৰা পৰে। স্বামীৰ পৰিয়ালে ঘৰৰ পৰা উলিয়াই দিয়ে। পিতৃগৃহতো একেই ব্যৱহাৰ পোৱাত তেওঁ ৰাস্তাৰ কাষৰ এটা সৰু জুপুৰিত থাকিবলৈ লয় আৰু তাতেই এজনী কন্যা সন্তান জন্ম দিয়ে।

সন্তানজনী ৰোগৰ পৰা সৌভাগ্যক্ৰমে ৰক্ষা পায়, কিন্তু সমাজৰ নিষ্ঠুৰ ব্যৱহাৰৰ পৰা মাক-জীয়েক দুয়ো ৰক্ষা নাপায়। সমাজে বহিষ্কাৰ কৰা জুৰিয়ে কেইমাহমান পাছত জীয়াই থকাৰ শেষ আশা জীয়েক জোনাকক লৈ গুৱাহাটীলৈ যায় আৰু নিজৰ সংগ্ৰাম চলাই থাকে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Director
Bobby Sarma Baruah

নিৰ্মাণ Production

বি বি এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত বসন্ত কুমাৰ বৰুৱা আৰু ববী শৰ্মা বৰুৱাই ছবিখন প্ৰযোজনা কৰে। কাহিনী, সংলাপ আৰু পৰিচালনা ববী শৰ্মা বৰুৱাৰ; চিত্ৰনাট্যত তেওঁৰ লগত আছিল সাগৰ সংগম চৰকাৰ।

সংগীত পৰিচালনা কৰিছিল পংকজ শৰ্মাই আৰু গীত লিখিছিল ববী শৰ্মা বৰুৱাই। গানকেইটাত কণ্ঠ দিছে প্ৰজ্ঞান বৰুৱা, নন্দিতা শৰ্মা আৰু সুলক্ষণা বৰুৱাই। চিত্ৰগ্ৰহণ সত্য প্ৰকাশ ৰথৰ, সম্পাদনা ৰাতুল ডেকাৰ, ছাউণ্ড ডিজাইন দেবজিত গায়নৰ আৰু কলা নিৰ্দেশনা দিগন্ত ভূঞাৰ। জোনাকৰ চৰিত্ৰত অভিনয় কৰিছে সুলক্ষণা বৰুৱাই; জ্যোতি নাৰায়ণ নাথ, সৌৰভ হাজৰিকা, জলী ভট্টাচাৰ্য, অতুল পাচনি, জয়ন্ত দাস, প্ৰাঞ্জল শইকীয়া, পূৰ্ণিমা পাঠক শইকীয়া আৰু ৰুণু দেৱীও ছবিখনত আছে।

ছবিখন ২০১৪ চনৰ ১২ ডিচেম্বৰত মুক্তি পায়।

সমালোচনা Reception

২০১৪ চনৰ ত্ৰয়োদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অদম্যই Spiritual শাখাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰে। সেই বছৰতে ছবিখন লণ্ডনৰ পঞ্চদশ ৰেইনবো ফিল্ম ফেষ্টিভেল, বাংলাদেশৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ, ছিংগাপুৰৰ Cana ফিল্ম ফেষ্টিভেল, দ্বাদশ Third Eye এছিয়ান ফিল্ম ফেষ্টিভেল, Kala Ghoda Arts festival, মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্চিত্ৰ মহোৎসৱ আৰু চেন্নাই-বেংগালুৰুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়। তৃতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো ইয়াক দেখুওৱা হৈছিল।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Bobby Sarma Baruah

Also from 2014