আৱৰ্তন

Abartan

আৱৰ্তন (ইংৰাজী: Abartan, On the Run) ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ষষ্ঠখন অসমীয়া চলচ্চিত্ৰ। ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে তেওঁৰ দীৰ্ঘ সংযোগৰ অভিজ্ঞতাৰ পৰা জন্ম লোৱা এই ছবিয়ে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Abartan online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

গীত, নৃত্য, আবৃত্তি সকলোতে পাৰ্গত জয়ন্তী কিছুমান অবাঞ্ছিত পৰিস্থিতিত পৰি ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিবলৈ যায়। অভিনয়ৰ বাহিৰে তাইৰ আন একো কৰিব নাজানিছিল, গতিকে একপ্ৰকাৰ বাধ্য হৈয়েই তাই এই জীৱন বাচি লয়। আৰম্ভণিতে ঘৰৰ মানুহে বিৰোধ কৰিছিল, কিন্তু পিছলৈ গোটেই ঘৰখন তাইৰ উপাৰ্জনৰ ওপৰতে নিৰ্ভৰশীল হৈ পৰে। বাৰ বছৰ তাই থিয়েটাৰতে কটায়। ইতিমধ্যে ডাঙৰ ভনীয়েকৰ বিয়া হয়, কিন্তু জয়ন্তীৰ কথা কোনেও নাভাবে।

ঘটনাক্ৰমে সংবেদনশীল হৃদয়ৰ ইঞ্জিনীয়াৰ পৰিমল দত্তৰ সৈতে তাইৰ চিনাকি হয় আৰু দুয়োৰো মাজত ঘনিষ্ঠতা বাঢ়ে। পৰিমলে বিয়াৰ প্ৰস্তাৱ দিয়াত নানা ফালৰ পৰা বাধা আহে। তাই বিয়া হ'লে উপাৰ্জন বন্ধ হ'ব বুলি ঘৰখনে ভয় কৰে। বিবাহিত নায়ক নিহাৰে তাইক নাপাব বুলি বিৰোধিতা কৰে। থিয়েটাৰৰ মালিকে তাৰকা অভিনেত্ৰীজনীক এৰিব নিবিচাৰে আৰু চৰ্ত ভঙ্গ হ'লে আদালতলৈ যোৱাৰ ভাবুকিও দিয়ে। অৱশেষত থিয়েটাৰৰ কোনো ক্ষতি নোহোৱাকৈ কৌশলেৰে জয়ন্তীয়ে অভিনয় জীৱনৰ পৰা মেলানি মাগে আৰু পৰিমলৰ সৈতে সুখৰ সংসাৰ পাতিবলৈ আগবাঢ়ে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Bhabendra Nath Saikia

নিৰ্মাণ Production

ড॰ ভবেন্দ্ৰ নাথ শইকীয়া ছবিখনৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ আৰু সংলাপ লেখক। তেওঁৰ আন ছবিবোৰৰ দৰে ইয়াৰ কাহিনী কোনো চুটিগল্প বা উপন্যাসৰ পৰা লোৱা হোৱা নাছিল। এই প্ৰথমবাৰৰ বাবে তেওঁ ভ্ৰাম্যমাণ থিয়েটাৰ আধাৰিত মৌলিক কাহিনী লৈছিল, আৰু আৱহ সংগীততো সেই থিয়েটাৰৰ সংগীতশৈলী ব্যৱহাৰ কৰা হয়। ছবিখন ১৬ মিলিমিটাৰত নিৰ্মিত এখন ৰঙীন ছবি।

১৯৮২ চনৰ পৰা শইকীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল আৰু তাৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীৰ জীৱন ওচৰৰ পৰা দেখিছিল। সেই অভিজ্ঞতাৰেই কাহিনীটো ৰচিত। ছবিখনত আৱাহন থিয়েটাৰৰ অন্যান্য শিল্পীসকলেও অভিনয় কৰিছিল।

সমালোচনা Reception

ছবিখন ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল। ৪১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত (১৯৯৪) ই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Bhabendra Nath Saikia

Also from 1993