ক'ত চাব Where to watch
We don't know of a legal way to watch Aai Kot Nai online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ৰাজ্যৰ সৈতে অসমৰ সীমা-বিবাদ দীৰ্ঘদিনৰ, নাগালেণ্ডৰ সৈতেও তেনে বিবাদ সঘনাই হয়। নাগালেণ্ডৰ সীমাৱৰ্তী অসমৰ এখন গাঁৱৰ যুৱক সীমান্তই এজনী নগা যুৱতী অকালীক ভালপায়।
ইফালে কোনো নগা দুৰ্বৃত্তই অসমীয়া গাঁওখন জ্বলাই দিয়ে। জুইত ধৰণী আৰু আইটিৰ ঘৰ ছাই হৈ যায় আৰু তেওঁলোকৰ কেঁচুৱাটো নিৰুদ্দেশ হয়। সকলোৱে ভাবে কেঁচুৱাটো জুইতে পুৰি মৰিল। কিন্তু সীমান্তৰ সিপাৰে নগা গাঁৱৰ সন্তানহীনা এগৰাকী নাৰীয়ে কেঁচুৱাটোক পায় আৰু মাতৃত্বৰ মমতাৰে বুকুত সাৱটি লয়।
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Manju Borah
নিৰ্মাণ Production
এ এ এ এছ প্ৰডাকচনচ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে ৰাজেন বৰা আৰু মঞ্জু বৰাই, পৰিচালনা মঞ্জু বৰাৰ। সংগীত পৰিচালনা আইজাক থমাচ কট্টুকাপল্লীৰ, শব্দগ্ৰহণ যতীন শৰ্মাৰ আৰু কলা নিৰ্দেশনা ফটিক বৰুৱাৰ। অভিনয়ত আছে ইন্দ্ৰ বণিয়া আৰু বিষ্ণু খাৰঘৰিয়া।
সমালোচনা Reception
৫৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত ছবিখনে ২০০৮ বৰ্ষৰ ৰাষ্ট্ৰীয় একতা বিষয়ক সৰ্বোত্তম ছবিৰ নাৰ্গিছ দত্ত বঁটা লাভ কৰে। ৰজত কমলৰ সৈতে প্ৰযোজক আৰু পৰিচালকলৈ দেৰ লাখ টকা নগদ ধন আগবঢ়োৱা হয়। উত্তৰ-পূব ভাৰতৰ এক জ্বলন্ত সমস্যাক সততাপূৰ্ণ দৃষ্টিৰে চোৱা আৰু কৃত্ৰিম সীমাৰেখা নস্যাৎ কৰি মানৱীয় ৰূপ দিয়াৰ বাবে ছবিখনক প্ৰশংসা কৰা হয়। বিভিন্ন চলচ্চিত্ৰ মহোৎসৱতো ছবিখন প্ৰদৰ্শিত হৈছে।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.