সংস্কাৰ

Sanskar

সংস্কাৰ (১৯৯৭) ৰঞ্জিত দাস পৰিচালিত এখন ৰঙীন অসমীয়া ছবি, মামণি ৰয়চম গোস্বামীৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মিত। মূল ভূমিকাত আছে বিষ্ণু খাৰঘৰীয়া আৰু পূৰবী শৰ্মা। ছবিখন কেতিয়াও চিত্ৰগৃহত মুক্তি দিয়া হোৱা নাছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Sanskar online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

ধনী কিন্তু নিসন্তান পীতাম্বৰ মহাজনৰ পত্নী দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত শয্যাশায়ী। বংশ লোপ পোৱাৰ আশংকাত তেওঁ কৃষ্ণকান্ত পুৰোহিতৰ সহায়ত গাঁৱৰে দুখীয়া ব্ৰাহ্মণ বিধৱা দময়ন্তীৰ সৈতে গোপন সম্পৰ্ক গঢ়ি তোলে। দময়ন্তীৰ আগৰ পক্ষৰ এটা সন্তান আছে। তাই গৰ্ভৱতী হ'লে মহাজনে সম্পৰ্কটো আৰু অনাগত সন্তানক সামাজিক স্বীকৃতি দিবলৈ তাইক বিয়া কৰাবলৈ সাজু হয়।

কিন্তু সেই সপোন বেছিদিন নিটিকিল। দময়ন্তী দুখীয়া হ'লেও ব্ৰাহ্মণৰ জীয়ৰী, জাতিগত সংস্কাৰৰ পৰা তাই মুক্ত হ'ব নোৱাৰে। শুদ্ৰৰ সন্তান ধাৰণ কৰাটো তাই মানি ল'ব নোৱাৰি গৰ্ভপাত কৰায় আৰু ভ্ৰূণটো বাৰীত পুতি থয়। সপোন ভাঙি যোৱাৰ বেদনাত কাতৰ মহাজনে নিশা অন্ধকাৰত সেই গাঁত খান্দি পুতি থোৱা ভ্ৰূণটো এবাৰ চুই চাবলৈ ধৰে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

Crew

Music director
Sher Choudhury

নিৰ্মাণ Production

ছবিখন এচ বি পিকচাৰ্ছৰ বেনাৰত নিৰ্মিত আৰু ৰঞ্জিত দাসে পৰিচালনা কৰিছিল। সংলাপ লিখিছিল ৰঞ্জিত দাস, অমূল্য কাকতি আৰু কবিন সাউদে। শব্দগ্ৰহণ বাপী সেনগুপ্তৰ আৰু পুনঃশব্দগ্ৰহণ হীতেন্দ্ৰ ঘোষৰ। সঙ্গীত পৰিচালনা কৰিছিল শ্বেৰ চৌধুৰীয়ে। বিষ্ণু খাৰঘৰীয়া আৰু পূৰবী শৰ্মাই মূল ভূমিকাত অভিনয় কৰিছিল।

সমালোচনা Reception

১৯৯৯ চনৰ অসম ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত ছবিখনে তিনিটা বঁটা লাভ কৰে: শ্ৰেষ্ঠ অভিনেতা বিষ্ণু খাৰঘৰীয়া, শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী পুলক বেনাৰ্জী আৰু শ্ৰেষ্ঠ সম্পাদনা ৰঞ্জিত দাস। ছবিখন কলকাতা চলচ্চিত্ৰ উৎসৱতো প্ৰদৰ্শিত হৈছিল।

উত্তৰাধিকাৰ

চিত্ৰগৃহত মুক্তি নোপোৱা বাবে ছবিখন দৰ্শকৰ ওচৰ পাবলৈ পলম হৈছিল। নিৰ্মাণৰ ছবছৰ পিছত ২০০৩ চনত হৰেকৃষ্ণ ডেকাৰ সভাপতিত্বত গুৱাহাটী চিনে ক্লাৱে গুৱাহাটীত ইয়াৰ প্ৰথম ৰাজহুৱা প্ৰদৰ্শনীৰ আয়োজন কৰে। পিছত দূৰদৰ্শনৰ ৰাষ্ট্ৰীয় চেনেলতো ছবিখন প্ৰচাৰিত হয়।

জানেনে? Trivia

  • The film is based on a short story by Mamoni Raisom Goswami.
  • Its first public screening came in 2003, six years after it was made.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 1997