ক'ত চাব Where to watch
We don't know of a legal way to watch Pani online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
চৰকাৰৰ কথা আৰু কামৰ মাজত সদায় পাৰ্থক্য দেখা যায়। চৰকাৰে দিয়া প্ৰতিশ্ৰুতি আৰু সেই প্ৰতিশ্ৰুতি কিমান দূৰ পূৰণ হয়, তাৰ ওপৰতে ছবিখনৰ কাহিনী গঢ় লৈ উঠিছে।
নিৰ্মাণ Production
যদুমণি দত্তই ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য ৰচনা কৰাৰ উপৰি অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু জে পি ফিল্ম্ছৰ বেনাৰত যুটীয়াভাৱে প্ৰযোজনাও কৰিছে। কাহিনী আৰু সংলাপ দীপক কুমাৰ গগৈৰ একাংকিকা নাটকৰ।
চিত্ৰগ্ৰহণ সুমন দুৱৰাৰ, সংগীত পৰিচালনা অনিৰুদ্ধ বৰুৱাৰ, সম্পাদনা ৰূপম কলিতাৰ, কলা নিৰ্দেশনা জয়ন্ত ফুকনৰ আৰু ছাউণ্ড ডিজাইন আৰু মিক্সিং দেৱব্ৰত চলিহাৰ। অভিনয়ত আছে বিষ্ণু খাৰঘৰীয়া, আইমী বৰুৱা, হিমাংশু প্ৰসাদ দাস, আশা বৰদলৈ, স্পন্দন, অতুল পাচনি আৰু পবিত্ৰ বৰুৱা।
সমালোচনা Reception
ছবিখন উনবিংশ কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (১০ ৰ পৰা ১৭ নৱেম্বৰ, ২০১৩), দ্বিতীয় দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২১ ৰ পৰা ২৭ ডিচেম্বৰ, ২০১৩) আৰু ত্ৰয়োদশ ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (১০ ৰ পৰা ১৮ জানুৱাৰী, ২০১৪) প্ৰদৰ্শিত হৈছিল।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.