নীলকণ্ঠ (চলচ্চিত্ৰ)

Neelkantha

নীলকণ্ঠ ২০০৭ চনত মুক্তি পোৱা ৰজনী বৰ্মণ পৰিচালিত এখন অসমীয়া ছবি। বিদ্যা ফিল্মছৰ বেনাৰত গণেশ তামুলীয়ে ছবিখন প্ৰযোজনা কৰিছে। অসমৰ লোককলা শিল্পী বৰঢুলীয়াসকলৰ সংগ্ৰামী জীৱন ইয়াত চিত্ৰিত হৈছে আৰু কাহিনী লিখিছে প্ৰকাশ মেধিয়ে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Neelkantha online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

নন্দীৰাম বৰঢুলীয়া ঢোলশিল্পলৈ উৎসৰ্গিত এজন মানুহ। এটা সময়ত নন্দীৰাম আৰু তেওঁৰ দলৰ প্ৰদৰ্শন চাবলৈ মানুহৰ ভিৰ লাগিছিল, কিন্তু সময়ৰ পৰিবৰ্তনৰ লগে লগে ঢুলীয়া শিল্পৰ ঐতিহ্য ম্লান পৰি আহিল।

প্ৰবল আৰ্থিক অনাটনত নন্দীৰামৰ পত্নীৰ বিনা চিকিৎসাতে মৃত্যু হয়। একমাত্ৰ জীয়েকৰ গাঁৱৰ মহাজনৰ পুতেকৰ সৈতে হোৱা বিয়াখন নিটিকে। পুতেক কণক মদাহী, ঢুলীয়া শিল্পৰ প্ৰতি তেওঁৰ তীব্ৰ অনিহা। তথাপি নন্দীৰামে নিজৰ শিল্পৰ প্ৰতি আনুগত্য এৰা নাই।

নীতিগত কাৰণত মহাজনৰ সৈতে নন্দীৰামৰ বিৰোধ আছিল। মহাজনে জানে যে নীতিত অটল বৰঢুলীয়াক পৰাজিত কৰিব পাৰি, কিন্তু ধ্বংস কৰিব নোৱাৰি। অহংকাৰী মহাজনে নন্দীৰামক অপমান কৰিবলৈ গাঁৱৰ কিছুমান ল’ৰাক লগত লৈ বাৰ্ষিক উৎসৱৰ অনুষ্ঠানলৈ চহৰৰ শিল্পী মতাই আনে। নন্দীৰাম নিমন্ত্ৰণ নোহোৱাকৈয়ে অনুষ্ঠানস্থলীলৈ গৈ অকলে ঢোল বজাবলৈ ধৰে, কিন্তু ল’ৰাবোৰে তেওঁক খেদি পঠায়।

লাজ আৰু অপমানত নন্দীৰাম ঘৰলৈ ঘূৰি আহে। প্ৰচণ্ড ক্ষোভত তেওঁ ঢোল বজাবলৈ লয় আৰু এসময়ত অৱশ হৈ মাটিত ঢলি পৰে। তেনেতে তেওঁ দেখে যে জোঁৱাই কণকে বৰঢোলটো ডিঙিত আঁৰি লৈ বজাবলৈ ধৰিছে। এক স্বৰ্গীয় আনন্দত বৰঢুলীয়াৰ মুখখন উজলি উঠে।

নিৰ্মাণ Production

ছবিখন পৰিচালনা কৰিছে ৰজনী বৰ্মণে আৰু বিদ্যা ফিল্মছৰ হৈ প্ৰযোজনা কৰিছে গণেশ তামুলীয়ে। কাহিনী প্ৰকাশ মেধিৰ।

জানেনে? Trivia

  • The film centres on the barodhuliya, the traditional folk drummers of Assam.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2007