লটিঘটি

Lotighoti
Directed by Bhupen Hazarika

লটিঘটি ভূপেন হাজৰিকাই পৰিচালনা আৰু প্ৰযোজনা কৰা এখন সঙ্গীতপ্ৰধান হাস্য-ব্যংগ ছবি। কামৰূপ চিত্ৰৰ বেনাৰত নিৰ্মিত ছবিখন ১৯৬৬ চনত মুক্তি পায় আৰু চতুৰ্দশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। ইয়াৰ সংগীত অতি জনপ্ৰিয় হৈছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Lotighoti online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

ছবি নিৰ্মাণত আগ্ৰহী এজন মানুহৰ জীৱনত ঘটা নানা হাস্যকৰ ঘটনাক লৈ কাহিনীটো আগবাঢ়ে। ছবি নিৰ্মাণৰ বিষয়ে তেওঁৰ গভীৰ জ্ঞান নাই, তথাপি তেওঁ ছবি বনাবলৈ আগবাঢ়ি আহে।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Bhupen Hazarika
Music director
Bhupen Hazarika

নিৰ্মাণ Production

ভূপেন হাজৰিকাই ছবিখনৰ পৰিচালনা, প্ৰযোজনা আৰু সংগীত পৰিচালনা কৰিছিল। গীত লিখিছিল ভূপেন হাজৰিকা, নিৰ্মলপ্ৰভা বৰদলৈ আৰু গজানন বৰ্মাই। কণ্ঠ দিছিল ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, ইলা বসু, মহম্মদ ৰফি, গীতা দাস, অনিল দত্ত আৰু মনীষা সেনগুপ্তাই। জীৱনটো যদি অভিনয় হয় গীতটো জয়ন্ত হাজৰিকা আৰু মণিষা সেনগুপ্তাৰ ওপৰত চিত্ৰায়ণ কৰা হৈছিল। বিজয় শংকৰ আৰু বিদ্যা ৰাওৰ লগতে কুলদা ভট্টাচাৰ্য, ৰত্ন ওজা, হৰিনাৰায়ণ দাস, জ্যোতিষ ভট্টাচাৰ্য, জহৰ ৰয়, নিৰুপতি চেটাৰ্জী আৰু বেবি গুপ্তাই অভিনয় কৰিছিল। ১৯৬৬ চনৰ ২৫ নৱেম্বৰত গুৱাহাটীৰ পল্টনবজাৰৰ মেঘদূত ছবিগৃহত ছবিখন মুক্তি পায়।

সমালোচনা Reception

চতুৰ্দশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (১৯৬৬)ত ছবিখনে শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। ইয়াৰ গীতবোৰ অতি জনপ্ৰিয় হৈছিল আৰু ছবিখনৰ কেপছন আছিল হাঁহি হাঁহি ভাবিব পৰা ছবি।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Bhupen Hazarika