ক'ত চাব Where to watch
We don't know of a legal way to watch Lakhimi online right now. If you've seen it on a streaming service or an official channel, tell us.
কাহিনী Story
মধু মাষ্টৰৰ আদৰৰ বোৱাৰী লখিমীক কেন্দ্ৰ কৰি গাঁৱলীয়া সহজ-সৰল জীৱনৰ হাঁহি-কান্দোনৰ ছবি ফুটাই তুলিবলৈ ছবিখনে চেষ্টা কৰিছে। বিয়াৰ পিছতে স্বামীহাৰা হোৱা লখিমীয়ে মাতৃহীন দেওৰেক ভৱনাথ আৰু শহুৰেক মধু মাষ্টৰক মৰম আৰু যত্নেৰে ওপচাই দিয়ে। সেইবাবে মধু মাষ্টৰৰ দ্বিতীয় পক্ষৰ স্ত্ৰী, অৰ্থাৎ লখিমীৰ মাহীশাহুৱে তাইৰ প্ৰতি ঈৰ্ষাতুৰ হৈ পৰে আৰু চক্ৰান্ত কৰি লখিমী আৰু ভৱনাথৰ মাজত অবৈধ সম্পৰ্ক আছে বুলি ৰটনা কৰে।
ঘটনা ইমানলৈ গৈ পায় যে লখিমীক মাকৰ ঘৰলৈ যাবলগীয়া হয়। ভৱনাথ পিছদিনাই বৌৱেকক আনিবলৈ যায়, কিন্তু তাই নাহে। ইফালে ভৱনাথৰ সৰুকালৰ লগৰী বকুলীও একেই চক্ৰান্তত তেওঁৰ পৰা আঁতৰি যায়, আৰু লখিমী মাকৰ ঘৰতে টান ৰোগত পৰে। অৱশেষত মাহীশাহুৱে নিজৰ ভুলৰ বাবে অনুশোচনা কৰি বোৱাৰীক আদৰি লয়, আৰু ভৱনাথেও মাতৃসম বৌৱেকক ঘূৰাই পায়।
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Bhaben Das
- Music director
- Brajen Baruah
নিৰ্মাণ Production
পৰিচালক ভবেন দাস কামৰূপ জিলাৰ ৰামপুৰ গাঁৱৰ সন্তান আছিল। তেওঁ বহুকেইখন অসমীয়া আৰু বঙালী ছবিৰ সৈতে জড়িত আছিল আৰু 'কানামাছি' নামৰ বঙালী ছবি পৰিচালনা কৰি বিশেষ খ্যাতি অৰ্জন কৰিছিল। লখিমীৰ সঙ্গীত পৰিচালনা কৰিছে ব্ৰজেন বৰুৱাই আৰু গীত লিখিছে কেশৱ মহন্তই।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.

