কেঁচা সোণ

Kecha Son
Directed by Phani Sarma

কেঁচা সোণ ১৯৫৯ চনৰ ২৯ মাৰ্চত মুক্তি পোৱা অসমীয়া ছবি, যাৰ পৰিচালক ফণী শৰ্মা আৰু কাহিনী চাহবাগিছাৰ বনুৱাৰ জীৱনৰ ওপৰত আধাৰিত। অসম চৰকাৰৰ পৰা আমোদ কৰ ৰেহাই পোৱা ই প্ৰথমখন অসমীয়া কথাছবি।

ক'ত চাব Where to watch

We don't know of a legal way to watch Kecha Son online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

কেঁচা সোণৰ কাহিনী অসমৰ হাজাৰ হাজাৰ চাহবাগিছাৰ হাজাৰ হাজাৰ বনুৱাৰ কাহিনী। তেওঁলোকৰ কপালৰ ঘামেৰে সেউজীয়া হৈ উঠা মাইলজোৰা চাহপাতৰ আঁৰত লুকাই থাকে বনুৱাসকলৰ বহু পুৰুষীয়া কুসংস্কাৰ আৰু শিক্ষাৰ পোহৰ নোপোৱা বনুৱাৰ নানা কুঅভ্যাস। তথাপি অৱহেলিত বনুৱা শ্ৰেণীক মানুহ হিচাপে সমাজত ঠাই দিবলৈ এচাম মানুহ সদায় উৎসাহেৰে আগবাঢ়ি আহে। এইবোৰ কথাকে ছবিখনত ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে।

কাহিনীৰ সময় দেশ স্বাধীন হোৱাৰ আগৰ। ৰংদৈ বাগিছাৰ দ্বিতীয় বৰমহৰী জগন্নাথে বনুৱাসকলৰ মাজত সোমাই কল্যাণমূলক কামত জড়িত হয়, সেয়ে বনুৱাসকলেও তেওঁক ভাল পায়। এদিন বাগিছাৰ হাস্পাতালত দৰব-পাতি নথকা বিষয়ত ডাক্তৰৰ লগত কথা কটাকটি হোৱাত তেওঁ চাকৰিটো হেৰুৱাবলগীয়া হয়।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Phani Sarma
Music director
Bhupen Hazarika

নিৰ্মাণ Production

ডিব্ৰুগড়ৰ ভৰত বৰপূজাৰীয়ে ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছিল। আই.এন.টি.ইউ.চি.ৰ তেজপুৰ শাখাৰ উদ্যোগত জ্যোতিপ্ৰসাদ আগৰৱালাৰ কনিষ্ঠ ভাতৃ হৃদয়ানন্দ আগৰৱালাই ছবিখন প্ৰযোজনা কৰে। সংলাপত বহুলাংশে চাহ-বনুৱাৰ ভাষা ব্যৱহাৰ কৰা হয়।

সংগীত পৰিচালনা আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ছবিখনত পৰম্পৰাগত মজদুৰ গীত দুটাও অন্তৰ্ভুক্ত কৰা হৈছিল।

সমালোচনা Reception

অসম চৰকাৰে ছবিখনক আমোদ কৰ ৰেহাই দিয়ে, আৰু এই সুবিধা পোৱা ই প্ৰথমখন অসমীয়া কথাছবি।

জানেনে? Trivia

  • Kecha Son was the first Assamese film to be exempted from entertainment tax.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Phani Sarma

Also from 1959