ক'ত চাব Where to watch
We don't know of a legal way to watch Kanchghar online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Cast
Crew
- Director
- Bijoy Chowdhury
নিৰ্মাণ Production
বিজয় চৌধুৰী আৰু পীযুষ কান্তি ৰয় মূলতঃ চলচ্চিত্ৰৰ কাৰিকৰী দিশৰ লোক, ক্ৰমে সম্পাদনা আৰু চাউণ্ড ইঞ্জিনিয়াৰিঙত পুনা ফিল্ম ইনষ্টিটিউটৰ ডিপ্লোমাধাৰী। শিক্ষাৰ বাবে তেওঁলোকে অসম চৰকাৰৰ ওচৰত বৃত্তিৰ আবেদন কৰিছিল যদিও কোনো সঁহাৰি পোৱা নাছিল। নিজৰ প্ৰচেষ্টাৰে পুনাত শিক্ষা লৈ তেওঁলোক বলীউডলৈ গৈ তাতে প্ৰতিষ্ঠা লাভ কৰে আৰু বহুকেইখন শীৰ্ষস্থানীয় প্ৰযোজনা গোষ্ঠীৰ হিন্দী ছবিত কাম কৰাৰ উপৰি বহুতো অসমীয়া ছবিতো সম্পাদনা আৰু শব্দগ্ৰহণ কৰে। গুৱাহাটীৰ কাহিলীপাৰাত জ্যোতি চিত্ৰবন ষ্টুডিঅ’ গঢ় লৈ উঠাৰ পাছত অসমৰ তেতিয়াৰ প্ৰচাৰ মন্ত্ৰীয়ে তেওঁলোকক সেৱা আগবঢ়াবলৈ অনুৰোধ জনায়।
কাঁচঘৰৰ সম্পাদনা আৰু শব্দগ্ৰহণো চৌধুৰী আৰু ৰয়ে কৰে। কাহিনী আৰু সংলাপ নিৰোদ চৌধুৰীৰ। বাংলা ছবিৰ অভিনেত্ৰী আৰু এসময়ৰ মিচ কলকাতা জয়শ্ৰীয়ে মূল নাৰী চৰিত্ৰটো ৰূপায়ণ কৰে। পটশিল্পী আছিল গজেন কলিতা আৰু প্ৰদ্যুৎ চক্ৰৱৰ্তী।
ছবিখনৰ সংগীত পৰিচালনা জীতু-তপনৰ আৰু গীতিকাৰ ভূপেন হাজৰিকা। এটা গীত হিন্দী ছবিৰ গায়িকা সুমন কল্যাণপুৰে গাইছে।
জানেনে? Trivia
- Kanchghar was the first and only film directed by Bijoy Chowdhury and Piyush Kanti Roy.
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.