বুলু ফিল্ম

Bulu Film

বুলু ফিল্ম ২০২২ চনত মুক্তি পোৱা গুৱেৰ্নিকা ক্ৰিয়েটোভিষ্টাৰ বেনাৰৰ এখন অসমীয়া হাস্য-ব্যংগ কথাছবি। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত এইখন তেওঁৰ চতুৰ্থ ছবি। ছবিখন ২০২২ চনৰ ৯ ছেপ্টেম্বৰত মুক্তি পাইছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Bulu Film online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

কৰ’না সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে ঘোষণা কৰা লকডাউনে সমগ্ৰ দেশৰ লগতে নামনি অসমৰ এখন সাধাৰণ গাঁৱকো বিপৰ্যস্ত কৰে। গাঁৱৰে তিনিজন যুৱকে সংস্থাপন হেৰুৱায়। সময় যোৱাৰ লগে লগে তিনিওৰে ঘৰত অভাৱ ভয়ংকৰ হৈ উঠাত তেওঁলোকে উপাৰ্জনৰ বিকল্প বিচাৰে আৰু অৱশেষত গাঁৱতে ব্লু-ফিল্ম নিৰ্মাণৰ পৰিকল্পনা কৰে।

সেই ছবি ইণ্টাৰনেটত আপলোড কৰি অজস্ৰ ধন উপাৰ্জনৰ সপোন দেখা তিনিওজন যুৱকে শেষত এক অভাৱনীয় বাস্তৱৰ মুখামুখি হয়।

নিৰ্মাণ Production

গুৱেৰ্নিকা ক্ৰিয়েটোভিষ্টাৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী হিমাংশু প্ৰসাদ দাসে। তেওঁ ছবিখনৰ এটা মুখ্য ভূমিকাতো অভিনয় কৰিছে।

জানেনে? Trivia

  • The film is set against the Covid lockdown in a village of Lower Assam.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2022