বোৱাৰী

Bowari
Directed by Siba Prasad Thakur

বোৱাৰী ১৯৮২ চনৰ এখন অসমীয়া ছবি, পৰিচালক শিৱ প্ৰসাদ ঠাকুৰ আৰু সংগীত পৰিচালক উপেন কাকতি। অসমীয়া চলচ্চিত্ৰৰ দ্বিতীয়খন প্ৰকৃত ব্লকবাষ্টাৰ হিচাপে ইয়াক বৰ্ণনা কৰা হয়, আৰু ই আজলী নবৌৰ ৰেকৰ্ড ভাঙিছিল। ছবিৰ মন হীৰা দৈ গীতটি বিপুল জনপ্ৰিয় হৈছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Bowari online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

মধুপুৰ গাঁৱৰ প্ৰহ্লাদ শইকীয়াৰ দুজন পুত্ৰ। মাটি বন্ধকত দি তেওঁ বৰপুত্ৰক উচ্চশিক্ষা দিয়ে। চাকৰি পাই বৰপুত্ৰই বিয়া কৰি চহৰতে থিতাপি লয়। সৰুপুত্ৰ গকুলৰ টকাৰ অভাৱত বেছি পঢ়া নহ’ল। গাঁৱৰ ছোৱালী ৰঙিলীক লগত লৈ গৈ বিয়া কৰোৱাৰ পাছত আন সংস্থাপন নোপোৱাত সি সামৰিক বাহিনীত ভৰ্তি হয়।

গকুল-ৰঙিলীৰ এটি পুত্ৰ সন্তান হয়। এনেতে যুদ্ধ ঘোষণা হোৱাত ছুটীত ঘৰলৈ অহা গকুল ততাতৈয়াকৈ কৰ্মস্থলীলৈ উভতি যায়। যুদ্ধত আহত হৈ সি স্মৃতিশক্তি হেৰুৱায়। ঘৰত কোনো খবৰ নাপাই গকুল মৰিল বুলি ভাবি ৰঙিলীয়ে বিধৱাৰ সাজ পিন্ধে। তেওঁলোকৰ দুখৰ দিন আৰম্ভ হয়। আশ্ৰয় দিয়াৰ চলেৰে বৰবাপুৰ পত্নী মল্লিকাই তেওঁলোকক চহৰলৈ লৈ যায় আৰু ৰঙিলীক চাকৰিনীৰ দৰে ব্যৱহাৰ কৰিবলৈ লয়।

ঘটনাক্ৰমে ক্ৰিকেট খেলৰ বল লাগি গকুলৰ স্মৃতিশক্তি ঘূৰি আহে। সি ঘৰলৈ উভতে, আৰু কিছু নাটকীয় ঘটনাৰ মাজেৰে সকলো পুনৰ একলগ হয়।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Siba Prasad Thakur

নিৰ্মাণ Production

ছবিখন পৰিচালনা কৰিছিল শিৱ প্ৰসাদ ঠাকুৰে। সংগীত পৰিচালনা কৰিছিল ড° উপেন কাকতিয়ে। ছবিখনত মুঠ ছটা গীত আছে।

সমালোচনা Reception

দৰ্শকৰ মাজত ছবিখনে বিশেষ সমাদৰ লাভ কৰিছিল আৰু আজলী নবৌৰ ৰেকৰ্ডসমূহ ভাঙিছিল। এই কাৰণে ইয়াক অসমীয়া চলচ্চিত্ৰৰ দ্বিতীয়খন প্ৰকৃত ব্লকবাষ্টাৰ বুলি কোৱা হয়। মন হীৰা দৈ গীতটি দৰ্শকৰ মাজত বিপুল জনপ্ৰিয় হৈছিল।

জানেনে? Trivia

  • The film has six songs.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

More from Siba Prasad Thakur

Also from 1982