ভাগ্য (চলচ্চিত্ৰ)

Bhagya

ভাগ্য প্ৰথম অসমীয়া ডাবিং চলচ্চিত্ৰ বুলি গণ্য। ১৯৬৭ চনৰ হিন্দী ছবি তকদীৰৰ অসমীয়া সংস্কৰণ এইখন ১৯৬৮ চনৰ ১২ এপ্ৰিলত গুৱাহাটীৰ মেঘদূত চিত্ৰগৃহত মুক্তি পায়। ইয়াৰ গীতবোৰ ভূপেন হাজৰিকাই অসমীয়ালৈ ভাষান্তৰ কৰিছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Bhagya online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

গোপাল আৰু সাৰদা গোৱাত বসবাস কৰা এহাল সুখী দম্পতী; তেওঁলোকৰ দুজনী জীয়ৰী মালা আৰু গীতা, আৰু এজন পুত্ৰ সুশীল। সংগীতৰ টিউচন কৰি চলা গোপালৰ আৰ্থিক অৱস্থা ভাল নহয়, সেয়ে তেওঁ জাহাজৰ চাকৰি লৈ দূৰলৈ যায়। ধুমুহাত জাহাজ ডুবি বহুতৰ মৃত্যু হয়। গোপালৰ কোনো খবৰ নোপোৱাত সাৰদাই তেওঁক মৃত বুলি ভাবি সন্তানৰ মংগলৰ বাবে অনিচ্ছাসত্ত্বেও চহকী মানুহ বিজয়ক বিয়া কৰায়।

গোপাল জাহাজ দুৰ্ঘটনাত বাচি যায় যদিও স্মৃতিশক্তি হেৰুৱায়। বহু বছৰৰ পিছত সুস্থ হৈ তেওঁ গোৱালৈ উভতি আহে, কিন্তু পৰিয়ালটোৰ সলনি হোৱা জীৱনত হস্তক্ষেপ কৰিব নিবিচাৰে। গোপালৰ বিষয়ে গম পাই বিজয়ে ভাবুকি অনুভৱ কৰে আৰু নিজে অধিগ্ৰহণ কৰা পৰিয়ালটোৰ মাজত কোনো যাতে সোমাব নোৱাৰে তাৰ বাবে গোপালৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰে।

নিৰ্মাণ Production

ছবিখনৰ আঁৰত কেইবাখনো আগৰ সংস্কৰণ আছে। ১৯৬৬ চনৰ কোংকণী ছবি নিৰমন ইংৰাজ কবি লৰ্ড টেনিচনৰ বৰ্ণনামূলক কবিতা Enoch Ardenৰ পৰা অনুপ্ৰাণিত আৰু ১৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মাৰাঠী শিতানত চাৰ্টিফিকেট অফ মেৰিট পাইছিল। ১৯৬৭ চনত ৰাজশ্ৰী প্ৰডাকচনে সেইখনকে তকদীৰ নামেৰে পুনৰ্নিৰ্মাণ কৰে। নিৰমনৰ পৰিচালক এ. চালামে তকদীৰো পৰিচালনা কৰে আৰু নিৰমনৰ নায়িকা শালিনীয়ে ইয়াতো মূল ভূমিকাত অভিনয় কৰে। তকদীৰে শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল আৰু সাতটা ভাষালৈ ডাব কৰা হৈছিল, তাৰ এটা অসমীয়া।

ভাগ্য নামেৰে হোৱা অসমীয়া ডাবিঙত কুলদা ভট্টাচাৰ্য, পুলক গগৈ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু প্ৰফুল্ল বৰুৱা জড়িত আছিল। ভূপেন হাজৰিকাই গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু তেওঁৰ সৈতে হোৱা ঘনিষ্ঠতাৰ ফলতে চিকমিক বিজুলী (১৯৬৯) ৰাজশ্ৰী প্ৰডাকচন আৰু তেওঁৰ কামৰূপ চিত্ৰই যৌথভাৱে প্ৰযোজনা কৰে।

জানেনে? Trivia

  • The film carries six songs; the original Hindi lyrics were by Anand Bakshi and the music by Laxmikant Pyarelal.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 1968