Biography জীৱনী
Nalin Duwara (born 22 June 1928) was a director and cinematographer of Assamese cinema. He was born in what was then Sibsagar district, now Golaghat district, to a family that owned tea gardens. After schooling in Golaghat he studied at St Anthony's and St Edmund's College in Shillong.
In 1947 he enrolled in a two-year motion picture photography course at the Abdullah Fazalbhoy Institute of St Xavier's in Mumbai. He then worked as an assistant cameraman at Indralok and Indrapuri studios in Kolkata, where he came into contact with directors such as Hrishikesh Mukherjee and Bimal Roy.
As a director his Assamese films in our database are Mamata (1973) and Ratanlal (1975). He also worked behind the camera on Antony Mor Naam (1986).
নলিন দুৱৰা (জন্ম ২২ জুন ১৯২৮) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী পৰিচালক আৰু চিত্ৰগ্ৰহণকাৰী। তেতিয়াৰ শিৱসাগৰ জিলা, বৰ্তমানৰ গোলাঘাট জিলাত চাহ বাগিছাৰ স্বত্বাধিকাৰী পৰিয়ালত তেওঁৰ জন্ম। গোলাঘাটত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি তেওঁ শ্বিলঙৰ চেইণ্ট এন্থনিজ্ এণ্ড চেইণ্ট এডমণ্ডছ্ কলেজত পঢ়ে।
১৯৪৭ চনত তেওঁ মুম্বাইৰ আব্দুল্লা ফজলভাই ইনষ্টিটিউট অৱ চেইণ্ট জেভিয়াৰ্ছত মোচন পিকচাৰ্চ ফটোগ্ৰাফীৰ দুবছৰীয়া পাঠ্যক্ৰমত ভৰ্তি হয়। তাৰ পিছত কলকাতাৰ ইন্দ্ৰলোক আৰু ইন্দ্ৰপুৰী ষ্টুডিঅ'ত সহকাৰী কেমেৰামেন হিচাপে কাম কৰে আৰু হৃষিকেশ মুখাৰ্জী, বিমল ৰয়ৰ দৰে পৰিচালকৰ সান্নিধ্য লাভ কৰে।
পৰিচালক হিচাপে আমাৰ তথ্যভাণ্ডাৰত থকা তেওঁৰ অসমীয়া ছবি মমতা (১৯৭৩) আৰু ৰতনলাল (১৯৭৫)। এণ্টনী মোৰ নাম (১৯৮৬) ছবিত তেওঁ চিত্ৰগ্ৰহণৰ দায়িত্ব পালন কৰিছিল।
Direction 2 films
Cinematography 1 films
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Is this you, or do you have a correction? Last updated 9 October 2026.