ৰুদ্ৰ

Rudra

ৰুদ্ৰ ২০২৫ চনত মুক্তি পোৱা, ৰূপক গগৈ ৰচিত আৰু পৰিচালিত এখন অসমীয়া একশ্যন থ্ৰিলাৰ ছবি, ২৭ জুনত মুক্তি পায়। অসমৰ আইন-শৃংখলা পৰিস্থিতি আৰু বিদ্ৰোহী সংগঠনৰ কাহিনীৰ আলমত ছবিখন নিৰ্মাণ কৰা হৈছে।

ক'ত চাব Where to watch

We don't know of a legal way to watch Rudra online right now. If you've seen it on a streaming service or an official channel, tell us.

অভিনয় আৰু কলা-কুশলী Cast & crew

Cast

নিৰ্মাণ Production

ছবিখন শ্যাম প্ৰডাকচনজৰ বেনাৰত নিৰ্মিত। ৰুদ্ৰৰ চৰিত্ৰত ৰবি শৰ্মা, যশৱৰ্ধনৰ চৰিত্ৰত আদিল হুছেইন, সংকল্পৰ চৰিত্ৰত জয় কাশ্যপ, সুৰভীৰ চৰিত্ৰত নন্দিনী কাশ্যপ আৰু চ'নিয়াৰ চৰিত্ৰত অৰ্চিতা প্ৰকাশে অভিনয় কৰিছে। অন্য শিল্পীসকলৰ ভিতৰত ঈশান হাজৰিকা, ৰাজীৱ ক্ৰ', নিলোৎপল বৰুৱা আৰু হিমাংশু গগৈ আছে।

ছবিখনৰ চিত্ৰগ্ৰহণ অসমৰ বিভিন্ন ঠাইৰ লগতে হাইদৰাবাদতো কৰা হৈছিল। এটা একুৰিয়াম ব্লাষ্টৰ দৃশ্যগ্ৰহণৰ সময়ত অভিনেতা ৰবি শৰ্মাই মুখত আঘাত পায়। তেওঁক লগে লগে দিছপুৰৰ জি.এন.আৰ.চি. চিকিৎসালয়লৈ নিয়া হয়। চিকিৎসালয়ৰ পৰা মুকলি হোৱাৰ পিছত নিৰ্মাতাসকলে পুনৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে।

ছবিখনৰ সংগীত ৰচনা কৰিছে দিগন্ত ভাৰতী আৰু ইবচন লাল বৰুৱাই।

সমালোচনা Reception

ছবিখন প্ৰথমে ২০২৫ চনৰ ১ মে'ত ছবিগৃহত মুক্তি পোৱাৰ কথা আছিল, কিন্তু শেষত ২৭ জুনত মুক্তি পায়।

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.

Also from 2025