ক'ত চাব Where to watch
We don't know of a legal way to watch Putala Ghar online right now. If you've seen it on a streaming service or an official channel, tell us.
অভিনয় আৰু কলা-কুশলী Cast & crew
Crew
- Director
- Samarendra Narayan Dev
- Music director
- Tafajjul Ali
নিৰ্মাণ Production
কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ। ছবিখন প্ৰযোজনা কৰিছিল মঙ্গলদৈৰ ইউনাইটেড প্ৰডাকচনে। কেমেৰাত আছিল পিণ্টু দাসগুপ্ত, সম্পাদনাত গোৱিন্দ চেতাৰ্জী, শব্দগ্ৰহণত পীযুষ কান্তি ৰয় আৰু সংগীত গ্ৰহণ তথা শব্দ পুনৰ্যোজনাত সত্যেন চেতাৰ্জী। শিল্প নিৰ্দেশনা কৰিছিল ভবেন ডেকা আৰু হেমন্ত দত্তই, নৃত্য নবীন বৰাৰ আৰু ৰূপসজ্জা বংশী দাসৰ।
অভিনেতা-অভিনেত্ৰীৰ ভিতৰত তচদ্দুক ইউচুফ (মৌজাদাৰ), মুকুল (কমল), কাশ্মীৰি শইকীয়া (বেউলা) আৰু নিবেদিতা (ৰীণা) আছিল। লগতে অৱনী দত্ত, বিপ্লৱ ৰয়, আবদুল্লা মাহমুদ, আশুতোষ চৌধুৰী, হবিবৰ ৰহমান, অনুপ দাস, বিনীতা চহৰীয়া আৰু ৰীণা শইকীয়াও অভিনয় কৰিছিল।
সংগীত আৰু গীত ৰচনা তফজ্জুল আলিৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা গীতো ছবিখনত আছে। কণ্ঠ দিছিল অনিমা চৌধুৰী, নিৰ্মলা মিশ্ৰ আৰু দ্বিপেন বৰুৱাই।
সমালোচনা Reception
১৯৭৬ চনৰ ২৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰজত কমল বঁটা লাভ কৰে।
Sources
- Wikidata, Wikimedia Foundation
- অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation
Spotted a mistake or have something to add? Last updated 9 October 2026.