পাৰঘাট

Parghat
Directed by Prabin Phukan

পাৰঘাট প্ৰমথৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানে প্ৰযোজনা কৰা সপ্তম অসমীয়া ছবি, ১৯৪৯ চনৰ ৫ আগষ্টত মুক্তি পাইছিল। কানি বেপাৰক কেন্দ্ৰ কৰি কাহিনী ৰচনা কৰা প্ৰবীন ফুকনেই ছবিখন পৰিচালনা কৰিছিল।

ক'ত চাব Where to watch

We don't know of a legal way to watch Parghat online right now. If you've seen it on a streaming service or an official channel, tell us.

কাহিনী Story

ছবিখনৰ কাহিনী ব্ৰিটিছৰ দিনৰ চোৰাং কানি বেপাৰৰ ওপৰত আধাৰিত।

অভিনয় আৰু কলা-কুশলী Cast & crew

Crew

Director
Prabin Phukan

নিৰ্মাণ Production

পাৰঘাট প্ৰমথৰাম দাসৰ প্ৰাগজ্যোতিষ কলাচিত্ৰ প্ৰতিষ্ঠানৰ সপ্তম অসমীয়া ছবি। প্ৰবীন ফুকনে ছবিখনৰ পৰিচালনা আৰু কাহিনী ৰচনা কৰিছিল। চিত্ৰগ্ৰহণ হৈছিল কলকাতাৰ ইন্দ্ৰপুৰী ষ্টুডিঅ’ত। পুৰুষোত্তম দাসে গন্ধৰ্ব নামেৰে ছবিখনৰ সঙ্গীত পৰিচালনা কৰিছিল।

অভিনয়ত আছিল চন্দ্ৰকান্ত ফুকন, প্ৰবীণ ফুকন, সৰ্বেশ্বৰ চক্ৰৱৰ্তী (মৌজাদাৰ), যোগেন্দ্ৰনাথ বৰদলৈ (দোকানী), ভুৱনেশ্বৰ বুজৰবৰুৱা (লগুৱা), যোগেন্দ্ৰনাথ বৰকাকতি (কৃষ্ণ মণ্ডল), জ্ঞানদা কাকতি আৰু মলয়া দাস।

সমালোচনা Reception

উত্তৰাধিকাৰ

অসমীয়া চলচ্চিত্ৰ জগতত আগতীয়া টিকট বুকিঙৰ ব্যৱস্থা থকা প্ৰথমখন ছবি হিচাপে পাৰঘাটক গণ্য কৰা হয়। এই ছবিৰ যোগেদিয়েই অভিনেত্ৰী জ্ঞানদা কাকতিয়ে ছবিজগতত প্ৰথম খোজ পেলাইছিল।

জানেনে? Trivia

  • It was the first Assamese film to have an advance ticket booking arrangement.
  • Gyanada Kakati made her film debut in it.

Sources

  1. Wikidata, Wikimedia Foundation
  2. অসমীয়া ৱিকিপিডিয়া, Wikimedia Foundation

Spotted a mistake or have something to add? Last updated 9 October 2026.